ওদালগুৰিত বিশাল মেগা মাৰ্টৰ বিপনীৰ শুভাৰম্ভণি…

ওদালগুৰিত বিশাল মেগা মাৰ্টৰ বিপনীৰ শুভাৰম্ভণি…

author-image
asomiyapratidin
New Update
ওদালগুৰিত বিশাল মেগা মাৰ্টৰ বিপনীৰ শুভাৰম্ভণি…

ডিজিটেল সংবাদ, ওদালগুৰি: অনলাইন বজাৰৰ সমানে বৰ্তমান জনসাধাৰণৰ মাজত জনপ্ৰিয় হৈ পৰিছে শ্বপিং মলসমূহ। মঙলবাৰে ওদালগুৰি চহৰত চতুৰ্থখন শ্বপিং মল মুকলি কৰা হয়। ওদালগুৰি ৰাস ময়দানৰ সমীপৱৰ্তী বাছ ষ্টেণ্ডৰ সন্মুখত "বিশাল মেগা মাৰ্ট" নামৰ মলখন উদ্বোধন কৰে ওদালগুৰি পৌৰসভাৰ পৌৰপতি ৰাকেশ বড়োৱে।

Advertisment

সমাজকৰ্মী স্বত্বাধিকাৰী মিনন মোচাহাৰীৰ অট্টালিকাত মলখন মুকলি হোৱাৰ লগে লগেই গ্ৰাহকে ভৰি পৰা দেখা যায়। এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি উদ্বোধক বড়োৱে কয় যে "আমি সময়ৰ সৈতে আগবাঢ়িব‌ই লাগিব। বৰ্তমান যুগত জনসাধাৰণৰ মাজত জনপ্ৰিয় হৈ পৰা এনে মলসমূহৰ দ্বাৰা অঞ্চল তথা চহৰখন যথেষ্ট পৰিৱৰ্তন হয়। আমি ওদালগুৰি চহৰখন ওৱান ষ্টাৰ টাউনশ্বীপ হিচাপে আৱেদন কৰিছো। এই টাউনশ্বীপ পাবলৈ হ'লে কেইবাটাও পৰ্যায়ৰ যোগ্যতাৰ প্ৰয়োজন হয়। আগন্তুক এবছৰৰ ভিতৰত এই যোগ্যতা অৰ্জন কৰিবলৈ আমি আশাবাদী। ইয়াৰ মাজতে আন তিনিটা শ্বপিং মলৰ সমান্তৰালভাৱে আজি বিশাল মেগামাৰ্ট স্থাপন হোৱা বিষয়টো আজি ওদালগুৰিৰ বাবে এক ভাল দিন হিচাপে বিৱেচিত হৈছে।"

এই মলটোৰ পৰা একাধিক স্থানীয় যুৱ-প্ৰজন্ম‌ইও সংস্থাপন লাভ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। আজিৰ এই শুভ উদ্বোধনী অনুষ্ঠানত মিনন মোচাহাৰী আৰু তেখেতৰ পৰিয়ালবৰ্গ, শ্বপিং মলটোৰ এৰিয়া মেনেজাৰৰ লগতে বিভিন্নজন ব্যক্তি উপস্থিত থাকে।

আৰু পঢ়ক: বিশ্ব ধপাঁত বিৰোধী দিৱস: অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেছনৰ উদ্যোগত দৰঙত পালন…

assam udalguri