৩ৰ পৰা ৮ লাখলৈ বিক্ৰী তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰি...

ইন্টাৰনেট সেৱা কৰ্তন কৰি ৰাজ্যত কটকটীয়া নিৰাপত্তাৰ মাজেৰে অনুষ্ঠিত হৈছিল ৰাজ্য চৰকাৰৰ তৃতীয়-চতুৰ্থ বৰ্গৰ বাছনি পৰীক্ষা।কিন্তু এই চাকৰিত ধনৰ লেনদেনৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

author-image
Asomiya Pratidin
New Update
আজি ৰাজ্য চৰকাৰৰ সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা, পুৱা ১০ বজাৰ পৰা আৰম্ভ চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা…

প্ৰতীকি ফটো

ডিজিটেল ডেস্ক: ইন্টাৰনেট সেৱা কৰ্তন কৰি ৰাজ্যত কটকটীয়া নিৰাপত্তাৰ মাজেৰে অনুষ্ঠিত হৈছিল ৰাজ্য চৰকাৰৰ তৃতীয়-চতুৰ্থ বৰ্গৰ বাছনি পৰীক্ষা।কিন্তু এই চাকৰিত ধনৰ লেনদেনৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

Advertisment

সামাজিক মাধ্য়মত উত্থাপিক অভিযোগৰ বাবে সমগ্ৰ ৰাজ্য়তে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কেইদিনমান পূৰ্বে অনুষ্ঠিত হৈ যোৱা এই পৰীক্ষা চৰকাৰে নিকা হোৱা বুলি দাবী কৰিছিল।

এনে দাবীৰ মাজতে ভিক্টৰ দাস নামৰ এজন ব্যক্তিয়ে টুইটাৰৰ জৰিয়তে এই পৰীক্ষাত টকাৰ লেন দোন হোৱাৰ অভিযোগ উত্থাপন কৰিছে।টুইটাৰত মুখ্যমন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰী কাৰ্যালয়, অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত আৰু বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক সাঙুৰি কৰা টুইটত কোৱা হৈছে যে চতুৰ্থ বৰ্গৰ পদ সমূহৰ বাবে ৩ লাখৰ পৰা আৰম্ভ হোৱাৰ লগতে তৃতীয় বৰ্গৰ পদ সমূহৰ বাবে ৮ লাখ টকা পৰ্যন্ত দাম উঠিছে। লগতে এই ক্ষেত্ৰত এগৰাকী প্ৰাক্তন বিধায়ক জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে।

এই সন্দৰ্ভত জি পি সিঙে উপযুক্ত তথ্য প্ৰমাণ বিচাৰিছে। লগতে এই অভিযোগ সঁচা হয়নে নহয় সেয়া তদন্তৰ পাছত পোহৰলৈ আহিব।

assam bhaskar jyoti mahanta himanta biswa sarma Assam police