''অ' আংকল এতিয়াই আহিব নিদিবাচোন'' উফ! তাৰ খেলা বস্তুবোৰ লৈছেনে সি?

গুৱাহাটীৰ শিলসাঁকোত চলিছে উচ্ছেদ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে চলা উচ্ছেদত গৃহহীন হৈ পৰিছে বহু লোক।

author-image
Asomiya Pratidin
New Update
''অ' আংকল এতিয়াই আহিব নিদিবাচোন'' উফ! তাৰ খেলা বস্তুবোৰ লৈছেনে সি?

ডিজিটেল ডেস্ক: গুৱাহাটীৰ শিলসাঁকোত চলিছে উচ্ছেদ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে চলা উচ্ছেদত গৃহহীন হৈ পৰিছে বহু লোক। মুখ্যমন্ত্ৰী গৰাকীৰ মতে বিগত ৬-৭ বছৰত এই অঞ্চল সমূহ বেদখল কৰিছিল।

Advertisment

ইয়াৰ মাজতে ভাইৰেল হৈ পৰিছে এটি কনমানি। হাতত দুটা সৰু বাকচ লৈ অহা এটি শিশু আগবাঢ়ি আহিছে এজন আৰক্ষীৰ ওচৰলৈ। আৰু কৈছে- ''আংকল এতিয়াই আহিব নিদিবাচোন। আমাৰ বস্তু খালী কৰা হোৱা নাই। ১০ মিনিটমান দেৰিকে হ'ব''।

এই শিশুটিয়ে হয়তো নাজানে উচ্ছেদ কি। কনমানিটোৰ কথা খিনিয়ে জোকাৰি গৈছে প্ৰতিগৰাকী মানুহৰ অন্তৰ। পিতৃ-মাতৃৰ লগত কনমানিটোও ঘৰৰ বস্তু উলিয়াই আনিছে। হয়তো আনিবৰ চেষ্টা কৰিছে তাৰ খেলা বস্তু সমূহো নাইবা কিছুমান পৰি ৰৈছে ঘৰৰ চুকত।

হয়তো শিশুটিৰ পৰিয়ালটোৱে কেতিয়াবা কোনো দালালৰ পাকচক্ৰৰ বলি হৈছে বা আন প্ৰকাৰে ভূমি বেদখল কৰিছে। কিন্তু শিশুটিৰ এই কাতৰ আহ্বানে মন সেমেকাই তুলিছে একাংশৰ।

Also Read: দৰং জিলা সাহিত্য সভাৰ সোনালী জয়ন্তীৰ বৰ্ষীয় কাৰ্যসূচী কবি সন্মিলনৰ আয়োজন

eviction