/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/makachar-1.jpg)
ডিজিটেল সংবাদ, মানকাচৰ: ঘৰে ঘৰে নল, ঘৰে ঘৰে জল ! কেন্দ্ৰীয় চৰকাৰৰ এক অভিলাষী আঁচনি হৈছে জল জীৱন মিছন। দেশৰ প্ৰতি গৰাকী লোকে যাতে সুস্থ সবল জীৱন যাপনৰ কৰিব পাৰে তাৰ বাবে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰিছে বহু আঁচনি। কিন্তু আজিও এনে বহু গাওঁ আছে য'ত চৰকাৰী এনে আঁচনি ঢুকি নোপোৱাত সাধাৰণ জনতাই আদিম যুগৰ দৰে জীৱন যাপন কৰিবলগীয়া হয়। বিশেষকৈ মানকাচৰৰ অসম-মেঘালয় সীমান্তৱৰ্তী শ্বেওৰাগিৰী নামৰ হাজং গাওঁখনত আদিম যুগৰ দৰে আজিও নিত্য প্ৰয়জনীয় পানীখিনিও মাটিত গাত খান্দি ঝৰ্ণা তথা নিজৰাৰ পৰা সংগ্ৰহ কৰিবলগা হয়।
উল্লেখযোগ্য যে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ পৰা প্ৰায় ৬ কিলোমিটাৰ নিলগত থকা অসম-মেঘালয় সীমান্তৱৰ্তী শ্বেওৰাগিৰী গাঁও খনত ৭১ টা হাজং জনজাতীয় লোকে বসবাস কৰে। গাৰো পাহাৰ সংলগ্ন হাজং গাওঁখনত দমকল পুতিবলৈ সুবিধা নথকাত গাওঁবাসীয়ে ঝৰ্ণাৰ কাষতে মাটিত গাত খান্দি এইদৰে পানী সংগ্ৰহ কৰিবলগীয়া হৈছে ।
গাওঁ খনৰ ৭১ টা হাজং পৰিয়াল পুৱা, দুৱপৰীয়া আৰু বিয়লিৰ ভাগত এইদৰে হাতে হাতে কলহ, বাল্টি লৈ ঝৰ্ণাৰ কাষতে থকা এইসমূহ গাতৰ পৰা লেতেৰা পানী সংগ্ৰহ কৰি ব্যৱহাৰ কৰে। খোৱাৰ পৰা আৰম্ভ কৰি গা-ধোৱা, কাপোৰ ধোৱা তথা নিত্য প্ৰয়োজনীয়া সকলো ধৰণৰ খোৱা-ধোৱা কামৰ বাবে ব্যৱহাৰ কৰা হয় এনে গাতৰ পৰা সংগ্ৰহ কৰা পানী।
ফলত হাজং গাওঁখনৰ লোক সকলে লাহে লাগে বিভিন্ন বেমাৰত আক্ৰান্ত হ'বলৈ ধৰিছে। দাঁত, শৰীৰ ছালকে ধৰি বিভিন্ন বেমাৰত আক্ৰান্ত হোৱা হাজং লোক সকলে চিকিৎসালয়ত গ'লে বিশুদ্ধ পানী পান কৰিবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে। কিন্তু গাওঁখনত বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা নথকাত তেওঁলোক উপায়হীন হৈ এনে পানীয়ে পান কৰিবলগীয়া হৈছে।
জিলা জনস্বাস্থ্য কাৰিকৰি বিভাগৰ পৰা জানিব পৰা মতে, জিলাখনত মুঠ ২৫১ টা জলজীৱন মিছনৰ আচনি নিৰ্মাণ কৰা হব। ইতিমধ্যে জিলাখনত প্ৰায় ৫০ টা আচনিৰ কাম আৰম্ভ কৰা হৈছে। কিন্তু দুৰ্ভাগ্যৰ বিষয় এয়া যে আটাইতকৈ প্ৰয়োজন হোৱা এই হাজং গাওঁখনত আজিলৈ জনস্বাস্থ্য কাৰিকৰি বিভাগে জলজীৱন মিছন আচনিৰ কাম আৰম্ভ কৰিব নোৱাৰিলে।
জনস্বাস্থ্য কাৰিকৰি বিভাগৰ এনে কাণ্ডৰ ফলত এইসকল হাজং জনজাতীয় লোকে আজিও পানীৰ অভাৱত হাহাকাৰ কৰিবলগীয়া হৈ চৰকাৰৰ প্ৰতি বিক্ষোভ হোৱা পৰিলক্ষিত হৈছে। নিৰ্বাচন আহিলে ভোট ভিক্ষা কৰিবলৈ ঘৰে ঘৰে অহা বিধায়ক আমিনুল ইছলামক গাওঁবাসীৰ আহ্বান, অতি সোনকালে এই গাওঁখনত এখন জল জীৱন মিছন আচনিৰ কাম আৰম্ভ কৰিব লাগে।
আৰু পঢ়ক: ২০ কোটি টকাৰ ব্যয়ত আজি ভাঙি পেলোৱা হ'ব বিশাল টুইন টাৱাৰ…