বসুন্ধৰা আচনিৰ দ্বিতীয় সংস্কৰণত চৰকাৰক সহযোগ নকৰাৰ সিদ্ধান্ত গাওঁপ্ৰধান সন্থাৰ

সিদ্ধান্তত একমত প্ৰদান মৰিগাঁও জিলা সমিতিৰ
বসুন্ধৰা আচনিৰ দ্বিতীয় সংস্কৰণত চৰকাৰক সহযোগ নকৰাৰ সিদ্ধান্ত গাওঁপ্ৰধান সন্থাৰ

ডিজিটেল সংবাদ, মৰিগাঁও : অসম চৰকাৰে ভূমি কেন্দ্ৰিক বিবাদৰ সমাধান আৰু সংশোধনৰ বাবে ৰূপায়ন কৰিছিল বসুন্ধৰা আচনি । আৰু এই আচনিৰ বাবে যথেষ্ট কষ্ট স্বীকাৰ কৰা পৰিলক্ষিত হৈছিল গাঁওপ্ৰধান সকলে । এই বসুন্ধৰা আঁচনি প্ৰথম পৰ্য্যায়ত সফল ভাৱে ৰূপায়িত হোৱাৰ পিছত অসম চৰকাৰে ৰাজহ বিভাগৰ প্ৰতিজন বিষয়া কৰ্মচাৰীক পুৰস্কৃত কৰিছিল । বিভাগীয় কৰ্মচাৰী সকলক এমাহৰ দৰমহাৰ অতিৰিক্ত ভাৱে দিয়াৰ ব্যৱস্থা কৰিছিল ৷ কিন্তু বসুন্ধৰা আঁচনিত সফল কৰাৰ ক্ষেত্ৰত প্ৰত্যক্ষ ভাৱে জড়িত আছিল গাঁওপ্ৰধান সকল । আচনীখন সফল ভাৱে ৰূপায়ন কৰিবৰ বাবে ব্যস্ত হৈ পৰিছিল প্ৰতিজন গাঁওপ্ৰধান ৷ আনহাতে, আঁচনি সফল ভাৱে ৰূপায়ন হোৱাৰ পিছত মুখ্যমন্ত্ৰীয়ে পুৰস্কৃত কৰা দূৰৰে কথা গাঁওপ্ৰধান সকলৰ নাম কোনো ঠাইত উল্লেখ নকৰিলে।

ইয়াৰোপৰি ৰাজহ মন্ত্ৰীয়ে বসুন্ধৰাত কৰা কষ্টৰ বাবে গাঁওপ্ৰধানৰ কেন্দ্ৰীয় অধিৱেশনত পাঁচ হাজাৰ টকাকৈ দিয়া হ'ব বুলি ঘোষণা কৰে যদিও আজিলৈ প্ৰদান নকৰিলে ৷ চৰকাৰৰ এই বঞ্চনাৰ বাবে সদৌ অসম চৰকাৰী গাঁওপ্ৰধান সন্থাই এইবাৰ হ'বলগীয়া বসুন্ধৰা আঁচনিত কোনোধৰণৰ জড়িত নোহোৱাৰ কেন্দ্ৰীয় ভাৱে সিদ্ধান্ত লৈছে । আনহাতে কেন্দ্ৰীয় সমিতিৰ এই সিদ্ধান্তত একমত হৈ মৰিগাঁও জিলা গাঁওপ্ৰধান সমিতিয়ে আগন্তুক হবলগীয়া বসুন্ধৰা আচনিখনত কোনো কামত সহযোগ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in