/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/kosua-thana-3.jpg)
ডিজিটেল সংবাদ নগাঁও : আৰক্ষীৰ জালত আৰক্ষী ৷ নগাঁও জিলাৰ কচুৱা আৰক্ষী থানাত ভিজিলেঞ্চ এণ্ড এন্টি কৰাপশ্যনৰ অভিযান ৷ উৎকোচ লৈ ভিজিলেঞ্চৰ হাতত গ্ৰেপ্তাৰ হ'ল এজন বিষয়া ৷ থানাখনত কৰ্তব্যৰত এছ আই অনুপ কটকীক গ্ৰেপ্তাৰ কৰে ভিজিলেঞ্চৰ দলে ৷
স্হানীয় এজন লোকৰ পৰা এক গোচৰৰ সন্দৰ্ভত কাকতীয়ে ৫ হাজাৰ টকা উৎকোচ হিচাপে দাবী কৰিছিল ৷ বিষয়টো অবগত হৈছিল ভিজিলেঞ্চ ৷ শনিবাৰে নিশা গুৱাহাটীৰ পৰা অহা এটা ভিজিলেঞ্চৰ দলে এছ আই অনুপ কটকীক চাৰিহাজাৰ টকা উৎকোচ লৈ থকা অৱস্হাত হাতে লোতে গ্ৰেপ্তাৰ কৰে ৷
জানিব পৰা মতে থানাখনৰ চেকেণ্ড অফিচাৰ হিচাপে কৰ্তব্যৰত কটকীয়ে চকীৰ কাষত কাৰ্টুন ৰাখি উৎকোচৰ বজাৰ চলাই আহিছিল ৷ ঘটনাৰ সন্দৰ্ভত এ চি বি আৰক্ষী থানাত ৰুজু হোৱা ৩৫/ ২০২২ নম্বৰৰ গোচৰৰ বিপৰীতে এছ আই অনুপ কাটকীক গ্ৰেপ্তাৰ কৰা হৈছে ৷