/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/360b205c-c977-4de2-b109-d17b1461be10/vicccc.jpg)
Victor Das suspended from govt service
ডিজিটেল ডেস্ক : অৱশেষত চাকৰিৰ পৰা নিলম্বন কৰা হ'ল ভিক্টৰ দাসক। শিক্ষা সঞ্চালকালয়ে নিলম্বন কৰিলে ভিক্টৰ দাসক। টেট শিক্ষক হিচাপে কৰ্মৰত আছিল ভিক্টৰ দাস।
উল্লেখ্য যে চৰকাৰী চাকৰি কৰি থকাৰ পাছতো ব্যক্তিগত ক'ছিং চেন্টাৰ চলাই থকাৰ বাবে নিলম্বন কৰা হ'ল ভিক্টৰ দাসক। অসম চৰকাৰৰ ২৬ হাজাৰ নিযুক্তি পৰীক্ষাৰ ওপৰত অভিযোগ তুলি গ্ৰেপ্তাৰ হৈছিল ভিক্টৰ দাস।
উল্লেখ্য যে আৰক্ষীয়ে ৭ দিনৰ জিম্মাত ৰাখি তদন্ত চলাইছিল ভিক্টৰ দাসৰ ওপৰত। মুকলি আকাশৰ তললৈ অহাৰ পাছত মঙলবাৰে শিক্ষকতাৰ চাকৰিৰ পৰা নিলম্বন কৰে ভিক্টৰক।