সুদীৰ্ঘ ৭ দিন পানবজাৰ আৰক্ষীৰ জিম্মাৰ পাছত আজি মুক্তি লাভ ভিক্টৰ দাসৰ...

আৰক্ষীয়ে কিহৰ ভিত্তিত গ্ৰেপ্তাৰ কৰি থৈছিল ভিক্টৰ দাসক ?

author-image
Asomiya Pratidin
New Update
সুদীৰ্ঘ ৭ দিন পানবজাৰ আৰক্ষীৰ জিম্মাৰ পাছত আজি মুক্তি লাভ ভিক্টৰ দাসৰ...

ডিজিটেল ডেস্ক : ৰাজ্যৰ ৩য় আৰু ৪ৰ্থ বৰ্গৰ চাকৰিৰ নিযুক্তি পৰীক্ষাত ধনৰ লেন-দেনৰ অভিযোগ তুলি গ্ৰেপ্তাৰ হোৱা ভিক্টৰ দাসে অৱশেষত লাভ কৰিলে জামিন। সুদীৰ্ঘ ৭ দিন পানবজাৰ আৰক্ষীৰ জিম্মাত থকাৰ পাছত আজি জামিন লাভ কৰে ভিক্টৰ দাসে। বিগত কিছুদিন ধৰি নিযুক্তিৰ কেলেংকাৰী সন্দৰ্ভত অভিযোগ উত্থাপন কৰি চৰ্চালৈ অহা ভিক্টৰ দাসক অসম আৰক্ষীয়ে ভুৱা বাতৰি প্ৰচাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে । ইয়াৰ পাছতেই, ভিক্টৰ দাসৰ ওপৰত ৰুজু কৰা ধাৰা সমূহক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল বিতৰ্কৰ।

Advertisment

উল্লেখ্য যে, ভিক্টৰৰ ওপৰত আৰোপ কৰা ধাৰা সমূহৰ ভিতৰত এটা আছিল ধৰ্মীয় বিদ্বেষ বিয়পোৱাৰ আৰু আন এটা আছিল ধন দাবীৰ। সেই সম্পৰ্কে, একে দিনাই মন্তব্য প্ৰদান কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জেষ্ঠ অধিবক্তা অংশুমান বৰাই। অধিবক্তা গৰাকীৰ ভাষ্য অনুসৰি এই সমূহ ধাৰা আছিল অযুক্তিকৰ। তেনে স্থলত আৰক্ষীয়ে কিহৰ ভিত্তিত গ্ৰেপ্তাৰ কৰি থৈছিল ভিক্টৰ দাসক ?

victor das Assam police