
অ' এন জি চিৰ উচ্চ পদস্থ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ।
চি জি এম (এম এম) পি মাথুৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে।
অ এন জি চিৰ যোৰহাটৰ চিনামৰা কাৰ্যালয়ত এই বিষয়াগৰাকী কৰ্মৰত।
প্ৰশিক্ষণৰত এগৰাকী মহিলা কৰ্মচাৰীক যৌন নিৰ্যাতনৰ অভিযোগ।
যৌন নিৰ্যাতনৰ বলি হোৱা যুৱতীগৰাকীয়ে অ এন জি চি চিনামৰাৰ হিউমেন ৰিচাৰ্ছ ডিপাৰ্টমেণ্টৰ মুৰব্বীৰ ওচৰত দাখিল কৰিছে অভিযোগ।
এই যুৱতীগৰাকী অ' এন জি চিৰ মেটেৰিয়েল মেনেজমেণ্ট শাখাত কৰ্মৰত আছিল।
৩ দিনৰ পূৰ্বে দাখিল কৰা হৈছিল অভিযোগ।
অ' এন জি চিৰ বিষয়াগৰাকীৰ বিৰুদ্ধে লোৱা নাই ব্যৱস্থা।
সমগ্ৰ ঘটনাক ঢাকি ৰখাৰ চেষ্টা অ এন জি চি কৰ্তৃপক্ষৰ।
যৌন নিৰ্যাতনৰ বলি হৈ মানসিকভাৱে ভাঙি পৰিছে যুৱতীগৰাকী।
এইছ আৰ শাখা চি জি এম মাথুৰৰ অধীনত হোৱাৰ বাবেই ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে।
সমগ্ৰ ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক অৱগত কৰা হৈছে ই মেইলৰ জৰিয়তে।
অ' এন জি চিৰ শীৰ্ষ বিষয়ালৈ প্ৰেৰণ কৰা হৈছে এই অভিযোগ।
অসমৰ মুখ্যমন্ত্ৰীকো ই মেইলৰ জৰিয়তে অৱগত কৰা হৈছে সমগ্ৰ বিষয়টো।