লোকমন্থন ২০২২ : উদ্ৱোধনী কাৰ্যসূচীৰ বাবে উপস্থিত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

লোকমন্থন ২০২২ : উদ্ৱোধনী কাৰ্যসূচীৰ বাবে উপস্থিত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

ডিজিটেল ডেস্ক : উত্তৰ-পূব ভাৰতৰ পৰম্পৰা সমূহৰ সজাগতাৰ বাবে অনুষ্ঠিত এক বৌদ্ধিক অনুষ্ঠান লোকমন্থনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে । ইয়াৰ উপৰিও সন্মানীয় অতিথিৰ ৰূপত উপস্থিত থাকে অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে বিশিষ্ট অতিথি ৰূপে ।

১৯ ছেপ্টেম্বৰত, লোকমন্থন ২০২২ ৰ যুটীয়া সম্পাদক সুৰঞ্জনা দত্তই শ্ৰীমন্ত শংকৰদেৱকলাক্ষেত্ৰৰ ড০ ভূপেন হাজৰিকা পেক্ষাগৃহত অনুষ্ঠিত এক সংবাদ মেলত দিয়া ভাষ্য অনুসৰি লোকমন্থন প্ৰথম বাৰৰ বাবে আয়োজন কৰা হৈছিল ২০১৬ চনত ভাৰতৰ পৰা ঔপনিৱেশিক চিন্তা-ধাৰা আতৰাবলৈ । এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৌদ্ধিক কাৰ্যসূচীৰ মূলতে আছিল উত্তৰ-পূব বৌদ্ধিক মঞ্চ আৰু অনুষ্ঠিত কৰিছে অসম পৰ্যটন উন্নয়ন নিগমৰ সহযোগত । 

ভাৰতৰ লোক পৰম্পৰা সমূহে কিদৰে দেশৰ সাংস্কৃতিক চেতনাক দৃঢ় আৰু শক্তিশালী কৰিব পাৰে এই সন্দৰ্ভত আয়োজন কৰা হৈছে ২০২২ বৰ্ষৰ লোকমন্থন । দেশৰ বিভিন্ন প্ৰান্তৰ শিল্পী, বুদ্ধিজীৱি আৰু শিক্ষাবিদসকলে একত্ৰিত হৈ ভাৰতীয় জাতি সমূহক নিজা নিজা সভ্যতা ৰক্ষাৰ ভুমিকা পালন কৰিবলৈ প্ৰস্তুত কৰাৰ লক্ষ্যৰে অনুষ্ঠিত কৰা হৈছে ২০২২ বৰ্ষৰ লোকমন্থন ।

ইয়াৰ উপৰিও, ২১ ছেপ্টেম্বৰৰ পৰা ২৪ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ'ব লগীয়া লোকমন্থনত কেইবাখনো আলোচনা চক্ৰ, সাংস্কৃতিক অনুষ্ঠান আৰু প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে বুলি জানিবলৈ দিয়ে সুৰঞ্জনা দত্তই ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in