আটক ধুনীয়া পশু চিকিৎসালয়! পিছে উপস্থিত নাথাকে চিকিৎসক...

চতিয়াৰ দক্ষিণ অঞ্চলৰ কৰৈয়ানী পশু চিকিৎসালয় বছৰৰ বেছি দিনেই বন্ধ থাকে

author-image
Asomiya Pratidin
New Update
আটক ধুনীয়া পশু চিকিৎসালয়! পিছে উপস্থিত নাথাকে চিকিৎসক...

ডিজিটেল সংবাদ: অসমৰ পশু পালন আৰু পশু চিকিৎসা বিভাগটো বৰ্তমান দিনত শূন্যত গদা ঘুৰাই থকা এটা বিভাগলৈ পৰিণত হৈছে। সততে অসমৰ মুখ্যমন্ত্ৰীয়ে বজাৰ আমাৰ পথাৰ আমাৰ শ্লগান আওৰাই নিৱনুৱা যুৱকক পশু পালন আৰু কৃষি কৰ্মত নিয়োজিত হোৱাৰ আহ্বান জনাই আহিছে যদিও চৰকাৰী পশু চিকিৎসা বিভাগটোৰ চাৰিওফালে পয়া লগা অৱস্থা।

Advertisment

চতিয়াৰ দক্ষিণ অঞ্চলৰ কৰৈয়ানী এটা কৃষি প্ৰধান অঞ্চল। এই অঞ্চলটোৰ জনসাধাৰণৰ মূল জীৱিকা কৃষি আৰু পশু পালন। এই বৃহত্তৰ অঞ্চলৰ একমাত্ৰ পশু চিকিৎসালয়খনৰ বৰ্তমান অৱস্থা আছে গৰু নাবাই হাল সদৃশ হৈ পৰিছে। অঞ্চলটোৰ ৰাইজে পশু চিকিৎসালয়খনত নাপাই পশু চিকিৎসা কৰ্মী।

অঞ্চলটোৰ কৰৈয়ানীৰ পশু চিকিৎসালয়খনত নিয়োজিত এগৰাকী পশু চিকিৎসা কৰ্মী নিয়োজিত হৈ আছে যদিও তেওঁৰ অনুপস্থিতিৰ বাবে ক্ষোভিত হৈ পৰিছে স্থানীয় লোক। চিকিৎসক জনৰ অনিয়মীয়া উপস্থিতিৰ বাবে বিপদত পৰে অঞ্চলটোৰ লোকসকল। তদুপৰি এই সন্দৰ্ভত স্থানীয় ৰাইজৰ অভিযোগ যে, পশু চিকিৎসা কৰ্মী গৰাকীক চিকিৎসা কেন্দ্ৰটোত লগ নাপালে ফোন কৰি ঘৰলৈ মাতিব লগাত পৰে।

পিছে কেবল টকাৰ বিনিময়তহে চিকিৎসাৰ বাবে আহে চিকিৎসক গৰাকী। গতিকে পশুচিকিৎসালয় খনৰ সমস্যা শীঘ্ৰে সমাধান কৰিবলৈ অঞ্চলটোৰ ৰাইজে স্থানীয় বিধায়ক আৰু চৰকাৰক দাবী জনাইছে৷

Also Read: 'পুষ্পা-২'ৰ বাবে কিমান পাৰিশ্ৰমিক ল'লে আল্লু অৰ্জুনে ?

ASSAM GOVERNMENT