/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/a5080b43-050e-4044-8794-a8efe5b1eaa4/bokakhat_death.jpg)
-
বোকাখাত কুৰুৱাবাহীৰ বিশিষ্ট শিক্ষক , গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী ডিম্বেশ্বৰ হাজৰিকাৰ মৃত্যু
-
কুৰুৱাবাহীৰ নিজা বাসগৃহত দেওবাৰে মৃত্যু হয় বিশিষ্ট শিল্পী গৰাকীৰ।
-
দীৰ্ঘদিনৰ পৰা বাৰ্ধক্যজনিত ৰোগত নিজা বাসগৃহতে চিকিৎসাধীন হৈ আছিল প্ৰয়াত হাজৰিকা।
-
কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৯৯ চনত অৱসৰ গ্ৰহন কৰিছিল প্ৰয়াত শিক্ষক গৰাকীয়ে।
-
মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৯১ বছৰ।
-
কুৰুৱাবাহীৰ প্ৰগতিশীল অনুষ্ঠান কুৰুৱাবাহী যুৱক সংঘ আৰু ভালেমান অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আছিল প্ৰয়াত ডিম্বেশ্বৰ হাজৰিকা।
-
কুৰুৱাবাহীৰ প্ৰগতিশীল সাংস্কৃতিক আন্দোলনৰ নেতৃস্থানীয় ব্যক্তিসকলৰ অন্যতম আছিল প্ৰয়াত হাজৰিকা।
Also Read: অসম তথা উত্তৰ-পূৰ্বাঞ্চলত খোপনি পোতাৰ লক্ষ্যৰে গুৱাহাটীলৈ আহি আছে কেজৰিৱাল