ঢকুৱাখনাৰ প্ৰাক্তন প্ৰবীণ অগপ নেতা গোপী ৰঞ্জন চুংক্ৰাংৰ বিয়োগ

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাৰ প্ৰাক্তন প্ৰবীণ অগপ নেতা গোপী ৰঞ্জন চুংক্ৰাংৰ বিয়োগ

ডিজিটেল সংবাদ ,ঢকুৱাখনা : আঞ্চলিক দল অসম গণ পৰিষদৰ প্ৰতিষ্ঠা কালীন সময়ৰ ঢকুৱাখনা জিলা সমিতিৰ এগৰাকী সবল নেতা, ঢকুৱাখনা জিলা গণ পৰিষদৰ প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদক, গণ পৰিষদৰ খেৰকটা পঞ্চায়তৰ প্ৰাক্তন সভাপতি, ঢকুৱাখনা মহকুমা পৰিষদৰ  প্ৰাক্তন  সদস্য গোপী ৰঞ্জন চুংক্ৰাং(৭৫) ৰ শুক্ৰবাৰে পুৱা ৭-২০ বজাত পৰলোক প্ৰাপ্তি হয় । 

অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠা কালৰ এগৰাকী সক্ৰিয় নেতা হিচাবে ৰাজনৈতিক জীৱনৰ পাতনি মেলা চুংক্ৰাংয়ে শেহতীয়া ভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰি ঢকুৱাখনা মহকুমা আই টি ডি পিৰ সদস্য হিচাবে বৃহত্তৰ খেৰকটা অঞ্চলৰ সৰ্বাংগীন উন্নয়ন উত্তৰণৰ হকে আমৃত্যু সেৱা আগবঢ়াই গৈছে । এগৰাকী সৰবৰহী হাস্যমুখী ব্যক্তি হিচাবে পৰিচিত চুংক্ৰাঙৰ শনিবাৰে সামান্য স্বাস্থ্যৰ অসুবিধা হোৱাৰ বাবে  দেওবাৰে ধেমাজি অসামৰিক চিকিৎসালয়লৈ নি থকাৰ সময়তে ৰাজপথত শেষ নিশ্বাস ত্যাগ কৰে । পত্নী ,পুত্ৰ ,কন্যা আৰু অজস্ৰ গুণমুগ্ধক ইহ সংসাৰত এৰি যোৱা চুংক্ৰাঙৰ শেষকৃত্য জনগোষ্ঠীয় পৰম্পৰাৰে সম্পন্ন কৰা হয় ।

চুংক্ৰাঙৰ আকস্মিক বিয়োগত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক পদ্মলোচন দলে, ভাৰতীয় জনতা পাৰ্টিৰ ঢকুৱাখনা জিলা সমিতিৰ সভাপতি প্ৰদীপ চমুৱা, কোষাধ্যক্ষ সঞ্জীৱ গগৈ আদিয়ে গভীৰ শোক প্ৰকাশ কৰি  বিদেহী আত্মাৰ চিৰ শান্তি কামনাৰে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ।

dhakuakhana agp