বিশিষ্ট চিত্ৰশিল্পী ননী বৰপূজাৰীক 'উত্তৰ পুৰুষৰ মঞ্চ'ৰ বিশেষ সম্বৰ্ধনা জ্ঞাপন...

বিশিষ্ট চিত্ৰশিল্পী ননী বৰপূজাৰীক 'উত্তৰ পুৰুষৰ মঞ্চ'ৰ বিশেষ সম্বৰ্ধনা জ্ঞাপন...

ডিজিটেল সংবাদ, গুৱাহাটী : বিগত ৬ জুন, মঙলবাৰে মহানগৰীৰ ৰাধাগোবিন্দ পথৰ সেউজী আলী উপ পথৰ নিজ বাসভৱনত আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিশিষ্ট চিত্ৰশিল্পী ননী বৰপূজাৰীক 'উত্তৰ পুৰুষৰ মঞ্চ'ৰ এক বিশেষ পৰিক্ৰমাৰ অন্তৰ্ভুক্ত "আপুনি অকলশৰীয়া নহয়, আমি আছোঁ আপোনাৰ সৈতে" শীৰ্ষক অনুষ্ঠানৰ সৈতে ৰজিতা খুৱাই আড়ম্বৰপূৰ্ণভাৱে সম্বৰ্ধনা জনোৱা হয়।

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ডীন তথা মঞ্চৰ সভাপতি ড° দিব্যজ্যোতি মহন্ত, শিশু সাহিত্যিক তথা কাৰ্যকৰী সভাপতি সুৰেন্দ্ৰ মোহন দাস, সৰগম সংগীত বিদ্যালয়ৰ অধ্যক্ষ তথা উপদেষ্টা নিৰেন চন্দ্ৰ বৈশ্য, মঞ্চৰ উপদেষ্টা ববিতা বৈশ্য লহকৰ, বিশিষ্ট সাংস্কৃতিক কৰ্মী-সংবাদদাতা কমল কুমাৰ, আবৃত্তিকাৰ ৰাজ কমল কলিতা আৰু সাংবাদিক ডিম্পী ভৰালী উপস্থিত থকা অনুষ্ঠানটোত ননী বৰপূজাৰীক উষ্ম সম্বৰ্ধনা যঁচা হয় ফুলাম গামোচা, চেলেং চাদৰ, স্মাৰক, সম্বৰ্ধনা পত্ৰ, কিতাপৰ টোপোলা, মিঠাইৰ টোপোলাৰে।

বিশিষ্ট সাক্ষাৎগ্ৰহণকাৰী তথা মঞ্চৰ সম্পাদক হৰেকৃষ্ণ হালৈয়ে সবিশেষ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটোত বৰপূজাৰীয়ে অন্তৰ উজাৰি দিয়া ভাষণত কয়, " আজি মোক এক বুজাব নোৱাৰা আনন্দ-অনুভূতি প্ৰদান কৰা হ'ল, অসম মাতৃৰ হকে আজীৱন ত্যাগ স্বীকাৰ কৰি হাতত ৰং-তুলিকাৰে মনৰ চিৰন্তন ভাৱৰ মাধ্যমক শিল্পকৰ্মেৰে ৰেখাপাত কৰি আগবঢ়া জীৱনটোকলৈ মই বেচ সুখী, উত্তৰ পুৰুষৰ মঞ্চৰ এই সুৱদিসুৰীয়া অনুষ্ঠানে মোক পৰৱৰ্তী সময়ত কাম কৰাৰ বাবে প্ৰবল উৎসাহ-প্ৰেৰণা যোগাব যে সেইয়া ধুৰূপ।"

কবি, প্ৰবন্ধকাৰ, জোনাক আলোচনীৰ মুখ্য সম্পাদক পুলকেশ ৰায় বৰুৱাই আঁত ধৰা মনোজ্ঞ অনুষ্ঠানটোত শিল্পী পত্নী অনিতা বৰপূজাৰীকো এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। উল্লেখ থাকে যে, ননী বৰপূজাৰী আৰু কমল কুমাৰে 'জোনাক' মাহেকীয়া আলোচনীৰ চলিত জুন মাহৰ সদ্য প্ৰয়াত শিক্ষক, কবি, সাহিত্যিক, ঔপন্যাসিক, উত্তৰ পুৰুষৰ মঞ্চৰ জন্মদাতাৰ শ্ৰদ্ধাৰ্ঘস্বৰূপে "দিবাকৰ ৰেণু স্মৃতিচাৰণ" সংখ্যাৰো শুভ উন্মোচন কৰা হয়।

বিশিষ্ট চিত্ৰশিল্পী ননী বৰপূজাৰীক 'উত্তৰ পুৰুষৰ মঞ্চ'ৰ বিশেষ সম্বৰ্ধনা জ্ঞাপন...
ঘিলামৰাত কৃষি বিভাগৰ ফোঁপোলা স্বৰূপ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in