/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/a291e94b-f65d-4879-a652-677bf5bc8cc1/d8569ebd_2124_4242_beb5_d342a7b9da13.jpg)
ডিজিটেল সংবাদ, কঠীয়াতলীঃ পানীৰ সংকটত সমগ্ৰ মধ্য অসম ৷ জান জুৰি নৈ খাল বিল আদি শুকাই যোৱাৰ ফলত এতিয়া এটুপি খোৱা পানীৰ বাবেও হাহাকাৰ কৰিব লগা হৈছে মধ্য অসমৰ জনতাই ৷ বিশেষকৈ বানপীডিত অঞ্চল হিচাপে পৰিগণিত হোৱা কঠিয়াতলীৰ বিভিন্ন অঞ্চলত কৰা বৰো ধানৰ খেতিত মেলিছে বৃহৎ বৃহৎ ফাঁট ৷
যাৰ বাবে এতিয়া ৰাইজে আশ্ৰয় লৈছে নেদেখা জনৰ ওচৰত ৷ কঠিয়াতলী নামবৰ লালুংগাঁৱৰ ৰাইজে পৰম্পৰাগত নিয়ম অনুসৰি অনুষ্ঠিত কৰিছে ভেকুলী বিয়া ৷ আয়তীৰ উৰুলি আৰু বিয়া নামত মুখৰিত হয় বিবাহস্থলী ৷
স্থানীয় মহিলা সকলে নিয়ম অনুসৰি ভেকুলী নুৱাই ধোৱাই বিবাহ সম্পন্ন কৰিলে বৰুণ দেৱতা সন্তুষ্ট হয় বুলি বিস্বাস কৰি আহিছে ৷ যাৰ বাবে গাঁওখনৰ শিশুৰ পৰা বৃদ্ধ বনিতালৈ সকলো ওলাই আহি নাচি বাগি ভেকুলী বিয়া অনুষ্ঠিত কৰি নেদেখাজনৰ ওচৰত শৰনাপন্ন হয় এজাক বৰষুনৰ বাবে ৷