বৰপেটা আৰক্ষীৰ জালত ৫ টাকৈ গাড়ী চোৰ

বৰপেটা আৰক্ষীৰ জালত ৫ টাকৈ গাড়ী চোৰ

author-image
asomiyapratidin
New Update
বৰপেটা আৰক্ষীৰ জালত ৫ টাকৈ গাড়ী চোৰ

ডিজিটেল সংবাদ, বৰপেটা: বৰপেটাৰোড আৰক্ষীয়ে মঙলবাৰে নিশাৰ পৰা বুধবাৰে পুৱালৈকে চলোৱা অভিযানত ৫জন গাড়ী চোৰ কৰায়ত্ব কৰে।

ধৃত গাড়ী চোৰ কেইটা ধুবুৰী জিলাৰ মহিদুল ইছলাম, মফিজুল ইছলাম, ইমান আলী শ্বেখৰ লগতে বৰপেটা জিলাৰ বাহাৰুল ইছলাম আৰু সাগৰ আলী ।

ধৃত চোৰ কেইটাৰ পৰা আৰক্ষীয়ে এ এছ ১৬এচি ২৮১২ নম্বৰৰ বলেৰ পিক আপ ভ্যান আৰু এখন নম্বৰ বিহীন পালচাৰ মটৰ চাইকেল জব্দ কৰে।

চোৰ কেইটাৰ পৰা পাচটা মবাইল ও জব্দ। ধৃত চোৰ কেইটাই বলেৰখন কোকৰাঝাৰৰৰ পৰা চুৰি কৰি ডিমাপুৰ হৈ নাগালেণ্ডলৈ নিয়াৰ পাং পাতিছিল। বৰপেটাৰোড থানাৰ ওচি বিপুল কলিতাৰ নেতৃত্বত চলে এই অভিযান।
আজিও আৰক্ষীয়ে চোৰ কেইটাক বৰপেটাৰোড থানাত ৰাখি চলাই আছে জেৰা।

আৰু পঢ়ক: গুৱাহাটীত 'প্ৰিয়বন্ধু'ৰ চতুৰ্থ সংখ্যা উন্মোচন…

assam Assam police