গুৱাহাটীত ‘প্ৰিয়বন্ধু’ৰ চতুৰ্থ সংখ্যা উন্মোচন…

গুৱাহাটীত ‘প্ৰিয়বন্ধু’ৰ চতুৰ্থ সংখ্যা উন্মোচন…

ডিজিটেল ডেস্ক: 'অকণিৰ সাহিত্য সভা'ৰ হৈ নগাঁৱৰ পৰা প্ৰকাশ পাই অহা এটকীয়া শিশু-কবিতাৰ পত্ৰিকা 'প্ৰিয়বন্ধু'ৰ চতুৰ্থ সংখ্যাটি ১ জুন তাৰিখে গুৱাহাটীৰ চছলত উন্মোচন কৰে বিশিষ্ট শিশু-সাহিত্যিক শশীন্দ্ৰ কুমাৰ অধিকাৰীয়ে ৷

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সাহিত্যিক থানেশ্বৰ মালাকাৰ৷ পত্ৰিকাখন উন্মোচন কৰি অধিকাৰীয়ে কয় যে শিশু সাহিত্যৰ পথাৰখনত প্ৰিয়বন্ধু এক সুসংযোজন। বিশিষ্ট অতিথি থানেশ্বৰ মালাকাৰে তেওঁৰ ভাষণত কয় যে সাধাৰণতে সভাগৃহ আদিত গ্ৰন্থ-আলোচনী উন্মোচন হয়।

এনেদৰে সুব্যক্তিৰ গৃহত প্ৰিয়বন্ধুৰ উন্মোচন আৰু উন্মোচনৰ পৰম্পৰা প্ৰশংসনীয়৷ চতুৰ্থ সংখ্যাৰ সম্পাদক সুৰেন্দ্ৰ মোহন দাসে কয় যে সুন্দৰ ছন্দ আৰু ছবিয়ে শিশুক বিশেষভাৱে আকৰ্ষণ কৰে আৰু কিতাপ পঢ়া আৰু লিখাৰ বাবেও ধাউতি বঢ়ায়৷ উল্লেখ্য যে পত্ৰিকাখনৰ প্ৰথম তিনিটা সংখ্যা সম্পাদনা কৰিছিল যথাক্ৰমে শিশু-সাহিত্যিক শান্তনু তামূলী, শান্তিছায়া শইকীয়া আৰু কাৰুণ্য ভট্টাচাৰ্যই৷ সভাত যোগানন্দ মহন্ত, ৰাকেশধিৰ মেধি, যুতিকা শৰ্মা, নলীন মহন্ত আদি ভালেকেইজন লেখক-লেখিকাই স্বৰচিত কবিতা পাঠ কৰে আৰু বক্তব্য আগবঢ়ায়৷ শেষত অসম সংগীতেৰে সভা সামৰা হয় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in