ভেণ্টেজ চাৰ্কলৰ উদ্যোগত প্ৰখ্যাত লেখক ড° ভাস্কৰ বৰাৰ সম্বৰ্ধনা অনুষ্ঠান

author-image
Asomiya Pratidin
New Update
ভেণ্টেজ চাৰ্কলৰ উদ্যোগত প্ৰখ্যাত লেখক ড° ভাস্কৰ বৰাৰ সম্বৰ্ধনা অনুষ্ঠান

ডিজিটেল সংবাদ, গুৱাহাটী : গুৱাহটীৰ ছয়মাইলস্থিত বিশ্বব্যাপী মানৱ সম্পদ সেৱা আগবঢ়োৱা ব্যক্তিগত প্ৰতিষ্ঠান ভেণ্টেজ চাৰ্কেলে যোৱা ২ ফেব্ৰুৱাৰী ২০২৩ তাৰিখে প্ৰাক্তন চিকিৎসক তথা বৰ্তমানৰ প্ৰখ্যাত লেখক তথা উদ্যোগী ডাঃ ভাস্কৰ বৰাক সম্বৰ্ধনা জ্ঞাপন কৰে ।

Advertisment

কাৰ্যালয় চৌহদত অনুষ্ঠিত এই অনুষ্ঠানত লেখক তথা উদ্যোগী হিচাপে ড° বৰাই তেওঁৰ জীৱন যাত্ৰা, অভিজ্ঞতা প্ৰকাশ কৰাৰ লগতে প্ৰত্যাহ্বান অতিক্ৰম কৰি নিজৰ সম্পূৰ্ণ সম্ভাৱনাত কিদৰে উপনীত হব পাৰি সেই সন্দৰ্ভত তেওঁৰ অন্তৰ্দৃষ্টিৰ বিষয়ে আলোচনা কৰে । ডাক্তৰ আৰু উদ্যোগী হিচাপে কৰ্ম জীৱন আৰম্ভ কৰি লণ্ডনত ৰেষ্টুৰেণ্ট আৰম্ভ কৰা ডাঃ ভাস্কৰ বৰাই প্ৰথমজন অসমীয়া।

২০১৯ চনত তেওঁৰ মেৰুদণ্ড গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । মেৰুদণ্ডৰ অস্ত্ৰোপচাৰৰ পিছত তেওঁৰ দুয়োখন ভৰি পক্ষাঘাতগ্ৰস্ত হৈ পৰে আৰু থাইৰয়ডৰ কৰ্কট ৰোগ ধৰা পৰে আৰুশেষত চিকিৎসা পেছাৰ পৰা স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰে । জীৱনৰ অভিজ্ঞতাৰে পৰিপুষ্ট ড° বৰা এতিয়া প্ৰতিবন্ধীসকলৰ বাবে কণ্ঠস্বৰ। এই প্ৰেৰণাদায়ক ব্যক্তিক সম্বৰ্ধনা জনোৱাৰ মূল লক্ষ্য হৈছে তেওঁৰ কৃতিত্ব আৰু সমাজলৈ অৱদানক সন্মান আৰু স্বীকৃতি দিয়া আৰু লগতে আনকো আগুৱাই যাবলৈ আৰু কেতিয়াও হাৰ নামানিব পৰাকৈ অনুপ্ৰাণিত কৰা।

অনুষ্ঠানত ভাষণ দি ড০ ভাস্কৰ বৰা ডাঙৰীয়াই কয়, “ভেণ্টেজ চাৰ্কলত উপস্থিত হৈ মই অতি আনন্দিত হৈছো। এজন সফল চিকিৎসক আৰু উদ্যোগী হোৱাৰ পৰা এজন অক্ষম পেঞ্চনাৰ আৰু মেৰদুণ্ডৰ গুৰুতৰ আঘাতৰ পৰা কৰ্কট ৰোগীলৈ পৰিৱৰ্তন মোৰ বাবে অতি কঠিন আৰু নতুন আছিল। কিন্তু বিশ্বব্ৰহ্মাণ্ডই আমাৰ ওপৰত কি নিক্ষেপ কৰে আমি নিয়ন্ত্ৰণ কৰিব নোৱাৰো, কিন্তু সেই বক্ৰ বলবোৰৰ প্ৰতি আমি কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰো সেইটো আমাৰ হাতত আছে । মনত প্ৰবল ইচ্ছাশক্তি থাকিলে প্ৰতিটো অসম্ভৱ কামেই সম্ভৱ হৈ পৰে ।

ইতিবাচক চিন্তা আৰু প্ৰবল ইচ্ছাশক্তি থাকিলে জীৱন পথত যে সফল হ’ব পাৰি সেইটো নিশ্চিত” অনুষ্ঠানত ভাষণ দি ভেণ্টেজ চাৰ্কোলৰ সহ-প্ৰতিষ্ঠাপক অঞ্জন পাঠক ডাঙৰীয়াই কয় "অক্ষমতা এটা মনৰ ধাৰণা। শাৰীৰিক অক্ষমতা কেতিয়াও ব্যক্তিগত বৃদ্ধি তথা সাফল্যৰ যে হেঙাৰ হ’ব নোৱাৰে তাৰেই এক জ্বলন্ত উদাহৰণ ড° ভাস্কৰ বৰা। তেওঁ আমাৰ বাবে প্ৰেৰণা, আৰু আজি তেওঁক অতিথি হিচাপে পাই আমি নথৈ আনন্দিত তথা গৌৰৱান্বিত । তেওঁৰ প্ৰেৰণা শক্তি আৰু পৃথিৱীত পৰিৱৰ্তন আনিবলৈ যি প্ৰচেষ্টা অতি কৈ প্ৰশংসনীয়"।

আৰু পঢ়ক : অৱসৰ ল'লে অসমৰ সফল ক্ৰিকেটাৰ আবু নেছিম আহমেদেঃ ক'লে ভৱিষ্যত পৰিকল্পনাৰ কথা...

vantage circle