/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/ircr.jpg)
ডিজিটেল সংবাদ লামডিংঃ লামডিং ৰেল ষ্টেচনৰ পৰা ৰেলবিভাগে বৃহস্পতিবাৰে উদ্বোধন কৰিলে এখন বিশেষ ৰেল৷ভি অ' ডব্লিউ এক্সপ্ৰেছ অৰ্থাৎ ভেকচিন অন হুইলচ (Vaccination on Wheels) নামৰ এই বিশেষ ৰেলখন লামডিং ৰেল বিভাগৰ মাণ্ডলিক প্ৰৱন্ধকে বৃহস্পতিবাৰে উদ্বোধন কৰে ৷ ভাৰতীয় ৰে'লৱেই পুন প্ৰথমবাৰৰ বাবে লামডিঙৰ পৰা শুভাৰম্ভনি কৰিলে এই বিশেষ ভেকচিনেচন ৰেলখনৰ৷
ক্লিক কৰি পঢ়কঃ অখিল গগৈক সদনৰ পৰা বহিষ্কাৰৰ হুংকাৰ অধ্যক্ষৰ…
এইৰেলখনে সৰু সৰু ষ্টেচনসমূহত কৰ্মৰত ৰেলৱেৰ কৰ্মচাৰীসকলক কোভিড প্ৰতিশেধক প্ৰদান কৰিব৷প্ৰথম পৰ্যায়ত লামডিং আৰু হোজাইৰ মাজত থকা প্ৰতিটো সৰু ডাঙৰ ষ্টেচনত ৰে'লৱেৰ কৰ্মচাৰীসকলক সাঙুৰি ল'ব৷কৰ্তব্যত থাকি যাতে কোনো কৰ্মচাৰী ভেকচিনেচনৰ পৰা বিৰত থাকিব নোৱাৰে তাৰ বাবেই ৰে'লবিভাগে গ্ৰহন কৰিছে এই পদক্ষেপ ৷
ৰে'ল বিভাগ তথা হোজাই জিলা স্বাস্থ্য বিভাগৰ যুটীয়া উদ্যোগত এই ব্যৱস্থা গ্ৰহন কৰা হৈছে ৷বৃহস্পতিবাৰৰ এই অনুষ্ঠানত ৰে'ল বিভাগৰ উচ্চপদস্থ বিষয়াৰ লগতে জিলাৰ স্বাস্থ্য বিভাগৰ বিষয়াসকলো উপস্থিত থাকে ৷ আজি প্ৰায় ২৫০ গৰাকী কৰ্মচাৰীক ভেকচিন প্ৰদান কৰা হয়৷লামডিং ৰে'ল বিভাগে লোৱা এই উদ্যোগে সকাহ দিব ৰে'লৱে কৰ্মচাৰীসকলক৷