দেওপাহাৰৰ কাজিৰঙা অধ্যয়ন চক্ৰৰ উদ্যোগত ক্ষেত্ৰ অধ্যয়নত উৎপল দলে

দেওপাহাৰৰ কাজিৰঙা অধ্যয়ন চক্ৰৰ উদ্যোগত ক্ষেত্ৰ অধ্যয়নত উৎপল দলে

ডিজিটেল সংবাদ, নুমলীগড়ঃ 'অসমৰ বিভিন্ন স্থানৰ ঐতিহ্য সন্দৰ্ভত যি ধৰণে অধ্যয়ন অথবা সংৰক্ষণ হ’ব লাগিছিল, তেনে ধৰণৰ পৰিৱেশ অদ্যাপি হৈ উঠা নাই৷ চৰকাৰীভাৱে মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী, গৱেষক ছাত্ৰ তথা এই সম্বন্ধে ইচ্ছা প্ৰকাশ কৰা ব্যক্তিক উৎসাহিত কৰিলে এই ঐতিহ্যসমূহৰ পৰা উঠি অহা উপকৃত হ’ব৷ আনহাতে, অতীতৰ স্মৃতি সংৰক্ষিত কৰি মৰ্যাদা দিব জানিলেহে জাতিৰ অস্তিত্ব থাকিব'--- কাজিৰঙা অধ্যয়ন চক্ৰৰ উদ্যোগত নুমলীগড়ৰ দেওপাহাৰৰত বিশ্ব ঐতিহ্য সপ্তাহ-২০২৩ উপলক্ষে আয়োজিত এক ক্ষেত্ৰ অধ্যয়ন থলীত সমল ব্যক্তি হিচাপে উপস্থিত হৈ এইদৰে কয় অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া উৎপল দলেই ৷

অসম লোকসেৱা আয়োগৰ প্ৰশাসনিক বিষয়া হোৱাৰ পূৰ্বে ফৰকাটিং মহাবিদ্যালয়ত ইতিহাস বিষয়ৰ অধ্যাপনা কৰা উৎপল দলেই কয় যে উঠি অহা প্ৰজন্মৰ মাজত ইতিহাসৰ সঠিক জ্ঞান দিয়াটো অতিকৈ প্ৰয়োজন ৷ কাৰণ, প্ৰাচীন অসমৰ চহকী শিল্প-সংস্কৃতিৰ সঠিক অধ্যয়নে অসমীয়া জাতিক বহুদূৰ আগবঢ়াই নিব৷

তেখেতে আক্ষেপ কৰি কয় যে ঐতিহ্যমণ্ডিত দেওপাহাৰৰ ঐতিহ্য সংৰক্ষণ তথা অধ্যয়ন সম্বন্ধে প্ৰত্নতত্ত্ব বিভাগৰ তৰফৰ পৰা যি সদিচ্ছা প্ৰকাশ কৰিব লাগিছিল সেয়া হৈ উঠা নাই৷ উৎপল দলেই কাজিৰঙা অধ্যয়ন চক্ৰক ধন্যবাদ জনাই কয় যে আজি লাচিত দিৱসৰ ঐতিহাসিক দিনটোত উঠি অহা প্ৰজন্মৰ মাজত ইতিহাসৰ এক নতুন পৃষ্ঠা কাজিৰঙা অধ্যয়ন চক্ৰই খুলিবলৈ যত্ন কৰাটো সমাজৰ বাবেই এক শুভ লক্ষণ ৷

উল্লেখ্য যে কাজিৰঙা অধ্যয়ন চক্ৰৰ উদ্যোগত আৰু ভাৰত পৰ্যটন, যুৱ পৰ্যটন ক্লাৱ আৰু নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত আজি দেওপাহাৰত এক ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰা হয়৷ নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত ক্ষেত্ৰ অধ্যয়ন থলীত এখনি আলোচনা অনুষ্ঠানো অনুষ্ঠিত হয়৷

কাজিৰঙা অধ্যয়ন চক্ৰৰ সক্ৰিয় সদস্য পুষ্কৰ কুৰ্মীয়ে আঁত ধৰা অনুষ্ঠানত কাজিৰঙা অধ্যয়ন চক্ৰৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি সাহাই আদৰণি ভাষণ আগবঢ়ায়৷ অধ্যক্ষ সাহাই নিজৰ বক্তব্যত উল্লেখ কৰে যে ঐতিহ্য ক্ষেত্ৰসমূহৰ উচিত সংৰক্ষণেহে এটা জাতিক টনকিয়াল কৰে৷

তেখেতে কয়, ইউনেস্ক’ৰ আহ্বান মৰ্মে আয়োজন কৰা বিশ্ব ঐতিহ্য সপ্তাহৰ জৰিয়তে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ঐতিহ্য সমূহ সুৰক্ষিত কৰাৰ যি ব্যৱস্থা কৰা হৈছে আমি সেই ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা উচিত৷ অনুষ্ঠানত উপস্থিত থাকি দেওপাহাৰৰ ঐতিহ্য সংৰক্ষণৰ বাবে অহৰহ ভাৱে লাগি থকা বেচৰকাৰী সংস্থা জিজ্ঞাসাৰ প্ৰণৱ শৰ্মাই দেওপাহাৰৰ বিভিন্ন ঐতিহ্যৰ ব্যাখ্যা আগবঢ়ায়৷ তেখেতে কয় যে পুৰণি অসমৰ শিল্প কলা, বয়ন শিল্প কিমান চহকী আছিল সেয়া দেওপাহাৰলৈ আহিলেই উমান পাব পাৰি৷ তেখেতে কয় যে যম আৰু চিত্ৰগুপ্তৰ ছবি সম্ভৱতঃ কেৱল দেওপাহাৰৰ ভগ্নাৱশেষতে ইমান নিখুঁতভাৱে উদ্ধাৰ কৰা হৈছে৷

আলোচনা অনুষ্ঠানত নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ, অসম চৰকাৰৰ ৰাজ্যিক বঁটাপ্ৰাপ্ত কৃতী শিক্ষক মহেন শইকীয়াই সমল ব্যক্তি হিচাপে উপস্থিত থাকি কয় যে দেওপাহাৰৰ ঐতিহ্য সম্বন্ধে কাজিৰঙা অধ্যয়ন চক্ৰই আজি ক্ষেত্ৰ ভিত্তিক অধ্যয়নৰ ব্যৱস্থা কৰি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক নতুন চিন্তাৰ বাট মুকলি কৰি দিলে ৷ ঐতিহাসিক সমলসমূহৰ সঠিক অধ্যয়নে অসমৰ চহকী সংস্কৃতিক বিশ্বৰ মানচিত্ৰত পুনৰ এক গুৰুত্বপূৰ্ণ স্থান দিব বুলিও তেখেতে বক্তব্য আগবঢ়ায়৷ ইপিনে, নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী মৌচুমী গগৈয়ে নিজৰ বক্তব্যৰ যোগেদি দেওপাহাৰ, বাগছে পাহাৰৰ ঐতিহাসিক সমল সংৰক্ষণৰ বাবে উঠি অহা প্ৰজন্মই হাত উজান দিব লাগিব৷

নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী আৰজুমা আহমেদ, কাজিৰঙা অধ্যয়ন চক্ৰৰ প্ৰীতম মুণ্ডা, মৃণ্ময় শইকীয়া, মনোৰম তাছাৰ উপস্থিতিত আয়োজিত অনুষ্ঠানটিত সাংবাদিক চবিত বিষ্টই নিজৰ বক্তব্যত কয় যে ঐতিহ্যমণ্ডিত স্থানৰ সুৰক্ষাৰ বাবে চৰকাৰে বিভিন্ন আইন প্ৰণয়ন কৰিছে যদিও প্ৰকৃতাৰ্থত সেয়া ফলপ্ৰসূ হৈ উঠা নাই৷

তেখেতে কয় যে চৰকাৰী উদাসীনতাৰ বাবেই বহু ঐতিহ্য জড়িত সমলৰ অৱস্থা আজি ধ্বংসৰ গৰাহত৷ চৰকাৰে সদিচ্ছা প্ৰকাশ কৰি জনগণ তথা উঠি অহা প্ৰজন্মৰ সহযোগিতাত ঐতিহাসিক স্থানসমূহৰ সঠিকভাৱে সুৰক্ষা প্ৰদান কৰি জীয়াই ৰাখিবলৈয়ো সাংবাদিক চবিত বিষ্টই আহ্বান জনায়৷ আনহাতে, দেওপাহাৰৰ ঐতিহ্য সংৰক্ষণৰ আহ্বানেৰে কাজিৰঙা অধ্যয়ন চক্ৰৰ উদ্যোগত হোৱা এই ক্ষেত্ৰ অধ্যয়নে সমাজলৈ এক সঠিক বাৰ্তা আনি দিব বুলি বিভিন্নজনে মত ব্যক্ত কৰিছে৷

দেওপাহাৰৰ কাজিৰঙা অধ্যয়ন চক্ৰৰ উদ্যোগত ক্ষেত্ৰ অধ্যয়নত উৎপল দলে
বাৰত মাৰপিটৰ ঘটনাঃ GMCH হোষ্টেলৰ ১৫ জন ছাত্ৰক বহিষ্কাৰ, চিকিৎসাধীন এজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in