/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/ustm.png)
ডিজিটেল ডেস্ক: ভাৰতীয় ৰাজনীতি বিজ্ঞান সংস্থাৰ (আইপিএছএ) কাৰ্যনিৰ্বাহক সমিতিয়ে ইউনিভাৰচিটী অব্ চায়েন্স এণ্ড টেকন'লজি মেঘালয় (ইউএছটিএম) ক ইয়াৰ দুদিনীয়া ৫৯ সংখ্যক অখিল ভাৰতীয় ৰাজনীতি বিজ্ঞান অধিৱেশন আৰু "অতুল্য ভাৰতৰ বৈশ্বিক উদয়"ৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্ৰৰ আয়োজনৰ স্থান হিচাপে বাছনি কৰিছে।
এই অধিৱেশনখনি ২৬ মাৰ্চ শনিবাৰৰ পৰা অনুষ্ঠিত হ'ব। এই অধিৱেশনত বিভিন্ন বিশ্ববিদ্যালয়ৰ ১৩ গৰাকী কাৰ্যবাহী তথা প্রাক্তন উপাচাৰ্য, ৰাজ্যসভাৰ সাংসদ, ৰাজনীতি বিজ্ঞানৰ অধ্যাপক, গৱেষককে ধৰি ১০০০ ৰো অধিক অংশগ্ৰহণকাৰী উপস্থিত থাকিব।
আইপিএছএৰ সাধাৰণ সম্পাদক আৰু কোষাধ্যক্ষ আৰু মহাত্মা গান্ধী কেন্দ্ৰীয় বিশ্ববিদ্যালয়, মতিহাৰী, বিহাৰৰ উপাচাৰ্য অধ্যাপক সঞ্জীৱ কুমাৰ শৰ্মাই কয় যে আইপিএছএৰ ৮০ বছৰীয়া ইতিহাসত পোন প্রথমবাৰ ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত অখিল ভাৰতীয় ৰাজনীতি বিজ্ঞান অধিশেৱন অনুষ্ঠিত হ'ব।
অধ্যাপক শৰ্মা অলপতে ইউএছটিএমলৈ আহে আৰু ইউএছটিএমৰ চৌহদত উপলব্ধ সুন্দৰ আন্তঃগাঁথনিৰ প্রশংসা কৰে। তেওঁ পুনৰ কয় যে অধিৱেশনখনি উত্তৰ পূৰ্বাঞ্চলত অনুষ্ঠিত কৰিবলৈ আইপিএছএৰ কাৰ্যনিৰ্বাহক সমিতিয়ে অঞ্চলটোৰ বহুতো বিশ্ববিদ্যালয়ৰ সৈতে কথা পাতিছিল কিন্তু বিভিন্ন কাৰণৰ বাবে অধিৱেশনখনি অনুষ্ঠিত কৰিবলৈ তেওঁলোক সক্ষম নহ'ল। অধিৱেশনখনি অনুষ্ঠিত কৰিবলৈ দিয়াৰ বাবে তেওঁ ইউএছটিএমৰ সমূহ পৰিয়ালবৰ্গক গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে আৰু ইউএছটিএমত এই অধিৱেশনখনি সাফল্যমণ্ডিত হ'ব বুলি আশা প্রকাশ কৰে।
বিশ্ববিদ্যালয়খনৰ মাননীয় উপাচাৰ্য প্ৰফেছাৰ জি ডি শৰ্মাই অধিৱেশনখনি অনুষ্ঠিত কৰাত ইউএছটিএমৰ ফালৰ পৰা সকলো ধৰণৰ সহায়-সহযোগ আগবঢ়াব বুলি কয় আৰু অংশগ্ৰহণকাৰীসকলক সৰ্বোত্তম গুণগত মানৰ সুবিধা প্রদান কৰিব বুলিও আশ্বাস দিয়ে।