/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-26/ea0z2qvd/AP-FOR-WEB-ustm.jpg)
ইউ এছ টি এমৰ প্ৰেক্ষাগৃহত বৰ্ণাঢ্য অনুষ্ঠান
ডিজিটেল ডেস্ক : শনিবাৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশৰ মাজত ইউ এছ টি এমৰ প্ৰেক্ষাগৃহত এক বৰ্ণাঢ্য অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানতে পি এ চাংমা আন্তৰ্জাতিক চিকিৎসা মহাবিদ্যালয়লৈ ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগ চমুকৈ এন এম চিৰ স্বীকৃতি প্ৰদান কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-26/5vxvob5e/4646619031045366567380612365908146582147751n.jpg)
চিকিৎসা মহাবিদ্যালয়খনলৈ এই স্বীকৃতি প্ৰদানৰ পাছতে উৎফুল্লিত হৈ পৰে চিকিৎসা মহাবিদ্যালয়খনৰে জড়িতসকলৰ লগতে ইউ এছ টি এম কৰ্তৃপক্ষ। পি এ চাংমা আন্তৰ্জাতিক চিকিৎসা মহাবিদ্যালয় হৈছে ইউ এছ টি এমৰে অধীনস্থ এখন চিকিৎসা মহাবিদ্যালয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-26/y154ujmk/46470154510453658440473518006686408307565073n.jpg)
এই স্বীকৃতি লাভৰ পাছত অৰ্থাৎ চলিত বৰ্ষৰ পৰাই আৰম্ভ হ’ব এম বি বি এছ পাঠ্যক্ৰম। এই পাঠ্যক্ৰমত এতিয়ালৈকে ১৫০ গৰাকী শিক্ষাৰ্থীয়ে নামভৰ্তি কৰা বুলি জানিবলৈ দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-26/1mg71bqk/46468211210453659473806749133784212172137302n.jpg)
উল্লেখযোগ্য যে এই অনুষ্ঠানতে সাদিন- প্ৰতিদিন গোষ্ঠীয়ে নতুন দিল্লীত আয়োজন কৰা দ্যা- কনক্লেভ ২০২৪ক প্ৰশংসাৰে ওপচাই শিক্ষানুষ্ঠানখনৰ কৰ্তৃপক্ষই। উক্ত অনুষ্ঠানত উপস্থিত থকা প্ৰতিদিন গোষ্ঠীৰ সঞ্চালক ঋষি বৰুৱাকো ধন্যবাদ জনোৱাৰ লগতে উচ্চ প্ৰশংসা কৰে ইউ এছ টি এমৰ প্ৰতিষ্ঠাপক আচাৰ্য ড০ মহবুল হকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-26/2g96q4bq/46484171810453662940473063309295396368569186n.jpg)
আজিৰ এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি মেঘালয়ৰ মুখ্যমন্ত্ৰী ক’নৰাড চাংমাই কয় যে ইউ এছ টি এম এখন সফল শিক্ষানুষ্ঠান। উন্নয়নৰ স্বাৰ্থতেই শিক্ষানুষ্ঠানখনক সকলো ধৰণৰ সহায়- সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-26/b9roi9s7/46473458610453662107139816168416983389782772n.jpg)
এই বিশেষ অনুষ্ঠানটিত মূল কাৰ্যসূচীৰ উপৰি সাংস্কৃতিক কাৰ্যসূচীও পৰিৱেশন কৰা হয়। বিভিন্ন কৃষ্টিৰ সম্ভাৰেৰে নৃত্য পৰিৱেশন কৰে কুশীলৱসকলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-26/vqdvu2m2/46479731010453663440473013898089834509413771n.jpg)
আজিৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত মেঘালয়ৰ মুখ্যমন্ত্ৰী ক’নৰাড চাংমা, পি এ চাংমাৰ সহধৰ্মিনী ড০ সুৰদিনী কে চাংমা, মন্ত্ৰী ডা০ এ আমপিৰিং লিংটো, আবু তাহেৰ মণ্ডল, ডা০ বি ভাস্কৰ ৰাও, প্ৰতিদিন গোষ্ঠীৰ সঞ্চালক ঋষি বৰুৱা, জ্যেষ্ঠ সাংবাদিক অদীপ কুমাৰ ফুকন, প্ৰশান্ত ৰাজগুৰুৰ লগতে ভালেকেইগৰাকী ব্যক্তি উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-26/h153jtn3/46458682310981476783377445438278095814787447n.jpg)
Also Read: বৈষ্ণৱ পণ্ডিত প্ৰয়াত ভূৱনেশ্বৰী মহন্তৰ বাসগৃহত বিধায়ক ৰূপক শৰ্মা