উৰিয়ামঘাট আদৰ্শ চিকিৎসালয় পৰিদৰ্শন বিধায়ক বিশ্বজিত ফুকনৰ…

উৰিয়ামঘাট আদৰ্শ চিকিৎসালয় পৰিদৰ্শন বিধায়ক বিশ্বজিত ফুকনৰ…

author-image
asomiyapratidin
New Update
উৰিয়ামঘাট আদৰ্শ চিকিৎসালয় পৰিদৰ্শন বিধায়ক বিশ্বজিত ফুকনৰ…

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ ধনশিৰি মহকুমাৰ অসম-নগালেণ্ড সীমান্তৱৰ্তী উৰিয়ামঘাটত অৱস্থিত উৰিয়ামঘাট আদৰ্শ চিকিৎসালয়খনত দীৰ্ঘদিন ধৰি চিকিৎসক-নথকাৰ অভিযোগ উত্থাপন হৈ অহিছে। সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিত ফুকনে আকস্মিকভাৱে চিকিৎসালয়খন পৰিদৰ্শন কৰে আৰু চিকিৎসালয়খনত এজনো চিকিৎসক নাপাই ক্ষুব্ধ হৈ পৰে ৷

Advertisment

এই সন্দৰ্ভত বিধায়কগৰাকীয়ে সংশ্লিষ্ট উৰ্ধতম কৰ্তৃপক্ষৰ সৈতে ফোনযোগে যোগাযোগ কৰি কৰ্তব্যত অনুপস্থিত চিকিৎসক সকলৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে যে, উৰিয়ামঘাট আদৰ্শ চিকিৎসালয়খনত অ এন জি চিৰ তৰফৰ পৰা তিনিগৰাকী চিকিৎসক নিযুক্ত দি অঞ্চলবাসীক চিকিৎসা সেৱা প্ৰদান কৰাৰ ব্যৱস্থা কৰা হ'ব আৰু কৰ্তব্যত গাফিলতি কৰা চিকিৎসক কৰ্মচাৰীৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷

চিকিৎসালয়খনত বিধায়কগৰাকীৰ সৈতে ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিনছেংফা বৰুৱা, বড়ো কছাৰী কল্যাণ স্বায়ত্ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ স্বৰ্গীয়াৰী, অ এন জি চিৰ ভালেকেইজন বিষয়া উপস্থিত থাকে ৷ মনকৰিবলগীয়া যে কেইবাটাও দল সংগঠনৰ আন্দোলনৰ পিছত ২০১৯ বৰ্ষতে অসম চৰকাৰৰ তদানীন্তন ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিয়ুয হাজৰিকাই উৰিয়ামঘাট আদৰ্শ চিকিৎসালয়খন ৰাইজৰ সেৱাৰ বাবে শুভ উদ্বোধন কৰে ৷

চিকিৎসালয়খনৰ চিকিৎসাৰ বাবে আনা বহু যন্ত্ৰপাতি আছে যদিও ব্যৱহৃত হোৱা নাই। ফলত নষ্ট হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰাৰ লগতে চিকিৎলয়খনত নিযুক্তিপ্ৰাপ্ত চিকিৎসক সকলেও কৰ্তব্যত গাফিলতি কৰা বুলি অভিযোগ উত্থাপন হৈ আহিছে ৷ অঞ্চলবাসীয়ে চিকিৎসালয়খনত প্ৰতিটো বিভাগৰ চিকিৎসক নিযুক্তি দিয়াৰ লগতে ২৪ ঘন্টাই চিকিৎসা সেৱা উপলব্ধ কৰাবৰ বাবে বিধায়কগৰাকীক অনুৰোধ জনাইছে ৷

assam himanta biswa sarma