মহিলাক হত্যা কৰি পেলাই দিলে দৈয়াং নৈত, আটক দুই

উৰিয়ামঘাটৰ অপহৰণকাণ্ডত জড়িত দুই অভিযুক্তক গ্রেপ্তাৰ। শুকুৰবাৰে ধনশিৰি আৰক্ষীয়ে গ্রেপ্তাৰ কৰে মুনিন্দ্র শইকীয়া আৰু দীনেশ ওৰাঙক।

author-image
Asomiya Pratidin
New Update
মহিলাক হত্যা কৰি পেলাই দিলে দৈয়াং নৈত, আটক দুই

ডিজিটেল ডেস্কঃ উৰিয়ামঘাটৰ অপহৰণকাণ্ডত জড়িত দুই অভিযুক্তক গ্রেপ্তাৰ। শুকুৰবাৰে ধনশিৰি আৰক্ষীয়ে গ্রেপ্তাৰ কৰে মুনিন্দ্র শইকীয়া আৰু দীনেশ ওৰাঙক।

Advertisment

সন্ধানহীন হৈ থকা উৰিয়ামঘাটৰ মহিলাগৰাকীক হত্যা কৰি দৈয়াং নৈত পেলাই দিয়াৰ কথা স্বীকাৰ কৰে দুয়ো। হত্যাৰ পূৰ্বে মহিলাগৰাকীক ধৰ্ষণ কৰাৰ সন্দেহ কৰা হৈছে।
দেওবাৰে মুনিন্দ্র শইকীয়াৰ পৰিত্যক্ত ঘৰত হত্যা কৰা হৈছিল মহিলাগৰাকীক।

মহিলাগৰাকীৰ পৰা টকা ধাৰলৈ লৈছিল মুনিদ্ৰই। সেই ধন ঘূৰাই দিবলৈ দেওবাৰে মহিলাগৰাকীক নিজ গৃহলৈ মাতিছিল মুনিন্দ্রই। তেতিয়াই এই হত্য়াকাণ্ড সংঘটিত হয়। এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই মহিলাগৰাকীৰ মৃতদেহ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

এই ঘটনাৰ পাছতেই আৰক্ষী থানা ঘেৰাও কৰিছে জনতাই। দোষীৰ উচিত শাস্তি বিচাৰি পৰিৱেশ উত্তাল কৰিছে প্ৰতিবাদকাৰীয়ে।

Also Read: 'ফ্লাইং কিছ' দিলে যুৱতীক দিব, ৫০ বছৰীয়া মহিলাক কিয় দিব: কংগ্ৰেছ নেত্ৰী

Assam police