/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/limbu.jpg)
ডিজিটেল সংবাদ, উৰিয়ামঘাট: লিম্বু মহাসভা অসম, গোলাঘাট জিলা সমিতিৰ উদ্যোগত উৰিয়ামঘাট শান্তিপুৰস্থিত ডেফ'ডিল ইংৰাজী বিদ্যালয় প্ৰাংগনত ২০২১-২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ কৃৰ্তী ছাত্ৰ ছাত্ৰী সকলক অভিনন্দন জনোৱাৰ উদ্দেশ্যে শুকুৰবাৰে সম্বৰ্ধনা সভা অনুষ্ঠিত হয় ৷ এই সভাত সভাপতিত্ব কৰে গোলাঘাট জিলা লিম্বু মহাসভাৰ সভাপতি বিষ্ণু কুমাৰ (ৰবি )লিম্বুয়ে ৷
সভাত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি কৃৰ্তী ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি উদগণি মূলক বক্তব্য ৰাখে ৰেংমা সীমান্ত হাইস্কুলৰ সহকাৰী শিক্ষক প্ৰতাপ গগৈ , সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি দিল বাহাদুৰ লিম্বু, বড়ো কছাৰী কল্যাণ স্বায়ত্ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ স্বৰ্গীয়াৰী, নাওজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক চেৰমান চুব্বা,ভাৰতীয় গোৰ্খা যুৱ পৰিসংঘৰ ৰাষ্টীয় সভাপতি নন্দো কিৰীটি দেৱান , শিক্ষক ভৰত (তিলবাহাদুৰ) পুলামী , লিম্বু মহাসভা কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাজ কুমাৰ লিম্বুকে আদি কৰি ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে ৷
গোৰ্খা জনগোষ্ঠীৰ লিম্বু সম্প্ৰদায়ৰ ২০২১ -২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উতীৰ্ণ মুঠ ৫২ গৰাকী ছাত্ৰ ছাত্ৰীক লিম্বু মহাসভা অসম গোলাঘাট জিলা সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা পত্ৰ, ফুলাম গামোচা আৰু গ্ৰন্থৰে উষ্ম সম্বৰ্ধনা জনোৱা হয় ৷ আজিৰ এই অনুষ্ঠানত সম্বৰ্ধিত ছাত্ৰ ছাত্ৰী, ভালেসংখ্যক স্থানীয় শিক্ষাবিদ, অভিভাৱক আৰু ৰাইজ উপস্থিত থাকে ৷
আৰু পঢ়ক: বন্ধুৰ ঘৰলৈ ভাত খাবলৈ গৈ প্ৰাণ হেৰুৱালে পিংকুৱে, আটক ৭ জন…