ধনশিৰি মহকুমাৰ গন্ধকৰৈ আৰু চুঙাজানত সুধাকণ্ঠ দিৱস পালন...

ধনশিৰি মহকুমাৰ গন্ধকৰৈ আৰু চুঙাজানতো পৃথকে পৃথকে সুধাকণ্ঠ দিৱস পালন কৰা হয়

author-image
Asomiya Pratidin
New Update
ধনশিৰি মহকুমাৰ গন্ধকৰৈ আৰু চুঙাজানত সুধাকণ্ঠ দিৱস পালন...

uriamghat

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ ভাৰতৰত্ন বিভূষিত হিয়াৰ আমঠু সুধাকণ্ঠ ভূপেন হাজৰিকাৰ মৃত্যু দিনটো অসমৰ বিভিন্ন প্ৰান্তৰৰ লগতে ধনশিৰি মহকুমাৰ গন্ধকৰৈ আৰু চুঙাজানতো পৃথকে পৃথকে সুধাকণ্ঠ দিৱস পালন কৰা হয়।

গন্ধকৰৈ ৰাইনো ক্লাৱ এণ্ড লাইব্ৰেৰীৰ উদ্যোগত একাদশ মৃত্যু বাৰ্ষিকী শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত পতাকা উত্তোলন কৰে ৰাইনো ক্লাৱ এণ্ড লাইব্ৰেৰীৰ সভাপতি সঞ্জয় ফুকনে। ড° ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্জ্বলন কৰে উদযাপন সমিতিৰ সভাপতি পিতাম্বৰ কোঁৱৰ আৰু বৃক্ষৰোপণ কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি অমৰজ্যোতি শইকীয়াই।

অনুষ্ঠানটোৰ লগত সংগতি ৰাখি চিত্ৰাংকন, কবিতা আবৃত্তি, কুইজ, ভূপেন্দ্ৰ সংগীতৰ উপৰিও ভূপেন হাজৰিকাৰ গীতৰ আধাৰত সৃষ্টিশিল নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। সমান্তৰালভাৱে চুঙাজানতো অসম জায়তাবাদী যুৱ পৰিষদ ধনশিৰি মহকুমা সমিতি উদ্যোগত আৰু চুঙাজান আঞ্চলিক সমিতিৰ উদ্যোগত সুধাকণ্ঠ দিৱস পালন কৰা হয়।

অনুষ্ঠানটোৰ লগত সংগতি ৰাখি পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদ ধনশিৰি মহকুমা সমিতিৰ সভাপতি ৰাজেন ফুকন আৰু সম্পাদক ৰাজেন ফুকনে।

প্ৰগতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মানিক হাজৰিকাই উদ্বোধন কৰা প্ৰতিযোগিতাৰ মঞ্চত চিত্ৰাংকন, ভূপেন্দ্ৰ সংগীত আৰু সৃষ্টিশীল নৃত্য প্ৰতিযোগীতা অনুষ্ঠিত হয়। প্ৰতিযোগীতাসমূহত প্ৰায় দুই শতাধিক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে সমিতিয়ে।

assam uriamghat sungajan bhupen hazarika