সৰুপথাৰত অব্যাহত ইউৰিয়া চোৰাং ব্যৱসায়,আটক দুজন

সৰুপথাৰত অব্যাহত ইউৰিয়া চোৰাং ব্যৱসায়,আটক দুজন

author-image
asomiyapratidin
New Update
সৰুপথাৰত অব্যাহত ইউৰিয়া চোৰাং ব্যৱসায়,আটক দুজন

ডিজিটেল সংবাদ,উৰিয়ামঘাটঃ ধনশিৰি মহকুমাৰ সৰুপথাৰত অব্যাহত আছে চোৰাং ইউৰিয়া সাৰৰ ৰমৰমীয়া ব্যৱসায় ৷ ইতিমধ্যে আৰক্ষীৰ জালত কেইবাটাও চোৰাং সাৰৰ ব্যৱসায়ী জালত পৰিছ যদিও অধিক মুনাফা লাভৰ আশাত একাংশ দুষ্টচক্ৰই চোৰাং সাৰৰ ব্যৱসায় অব্যাহত ৰাখিছে ৷

Advertisment

উল্লেখযোগ্য যে, বৃহস্পতিবাৰে নিশা AS05AC1526 নম্বৰৰ এখন গাড়ীত প্ৰায় ৬৫ বেগ ইউৰিয়া বৰপথাৰৰ প্ৰেমহৰা দিশৰ পৰা কঢ়িয়াই নি থকাৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে ৷ আৰক্ষীৰ চকুত ধুলি দি পলায়ন কৰিবলৈ লোৱা উক্ত অবৈধ সাৰভৰ্তি গাড়ীখন আৰক্ষীয়ে খেদি খেদি গন্ধকৰৈ গাঁৱত কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷

লগতে গাড়ীখনত থকা চুঙাজান টেঙাতল পঞ্চমুখীৰ চালক চাদ্দাম হুছেইন আৰু জুলহাচ আলীক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে ৷ উক্ত গাড়ীখনে কৰপৰা উক্ত ইউৰিয়াখিনি সৰবৰাহ কৰিছিল সেয়া এতিয়াও পোহৰলৈ অহা নাই ৷

আৰু পঢ়ক: সংকটত নৰোৱা বালিসত্ৰঃ বেদখলকাৰীৰ কবলত ৫০০ শ বিঘা ভূমি…

assam uriamghat