উৰিয়াগাঁৱত কয়লা ভৰ্তি ট্ৰাক দুৰ্ঘটনাত পতিত

উৰিয়াগাঁৱত কয়লা ভৰ্তি ট্ৰাক দুৰ্ঘটনাত পতিত

author-image
asomiyapratidin
New Update
উৰিয়াগাঁৱত কয়লা ভৰ্তি ট্ৰাক দুৰ্ঘটনাত পতিত

ডিজিটেল সংবাদ, উৰিয়ামগাঁও: নগাওঁ জিলাৰ উৰিয়াগাঁও বাইপাছ চকত মঙলবাৰে এক পথ দুৰ্ঘটনা সংঘটিত হয়।এখন কয়লা ভৰ্তি ট্ৰাক নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয়।

Advertisment

চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ পকীপথ খহি পৰাৰ ফলতেই বাগৰি পৰে ট্ৰাক খন। উল্লেখ্য যে NL02Q 5557 কয়লা ভৰ্তি ট্ৰাকখন মাৰ্ঘেৰিটাৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল। পাছত ঘটনাস্থলীত নগাঁও যান-বাহন আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ট্ৰাকখন উদ্ধাৰ কৰে ।

আৰু পঢ়ক: অসম যুৱ অলিম্পিকত সোণ, ৰূপৰ পদক কঢ়িয়াই আনিলে ধেমাজিৰ কেইবাগৰাকী খেলুৱৈয়ে…

assam uriamghat road accident