ওৰাঙত কৃতী ছাত্ৰ -ছাত্ৰীক সম্বৰ্ধনা...

ওৰাঙত কৃতী ছাত্ৰ -ছাত্ৰীক সম্বৰ্ধনা...

ডিজিটেল সংবাদ, ওৰাংঃ ওৰাঙৰ সামাজিক দায়বদ্ধতাৰ সংস্থা সাৰথি ন্যাসৰ উদ্যোগত কৃতিমান ছাত্ৰ -ছাত্ৰীক সম্বৰ্ধনা অনুস্থান৷ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ওৰাং অঞ্চলৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীক বৃহস্পতিবাৰে সম্বৰ্ধনা জ্ঞাপন কৰে ওৰাঙৰ সাৰথি ন্যাসে।

কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ত সাৰথি ন্যাসৰ উদ্যোগত ছাত্ৰ-ছাত্ৰী সকলক উৎসাহ জনোৱাৰ উদ্দেশ্যৰে আয়োজিত হয় অনুস্থানটি৷ উল্লেখ্য যে সাৰথি ন্যাসে বিগত কেইবাবছৰ ধৰি ওৰাঙৰ বিদ্যায়তনিক দিশত বিশেষ ভূমিকা আগবঢ়াই আহিছে। ছাত্ৰ-ছাত্ৰী সকলৰ সাৰথি হৈ থকাৰ লগতে দিব্যাঙ্গ শিশু সকলক সাৰথি ৰুপে কাম কৰি যোৱা লক্ষ্য সাৰথি ন্যাসৰ।

সাৰথি ন্যাসৰ সম্বৰ্ধনা অনুস্থানত ছাত্ৰ-ছাত্ৰী সকলে শিক্ষাৰ লগতে কৌশল বিকাশৰ জৰিয়তে নিজৰ জীৱন কি দৰে আগুৱাই লৈ যাব পাৰে এই সম্পৰ্কে এক সুন্দৰ বক্তব্য প্ৰদান কৰি ছাত্ৰ -ছাত্ৰী উৎসাহিত কৰে সভাৰ বিশিষ্ট অতিথি অসম জ্যোতি মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ কেশৱ চন্দ্ৰ বৰুৱাই৷ ইয়াৰ উপৰিও সভাত বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি ছাত্ৰ-ছাত্ৰী সকলক উৎসাহ যোগাই৷

X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in