ওৰাঙত তৃতীয় বড়োলেণ্ড শ্বহীদ ট্ৰফী ফুটবল প্ৰতিযোগিতা

ওৰাঙত তৃতীয় বড়োলেণ্ড শ্বহীদ ট্ৰফী ফুটবল প্ৰতিযোগিতা

ডিজিটেল সংবাদ, ওৰাংঃ "বি টি আৰত খেলৰ প্ৰতি বিশেষ গুৰুত্ব দি পৰিৱৰ্তন অনাৰ চেষ্টা অব্যাহত ৰাখিছে প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল চৰকাৰে। যাৰ বাবে প্ৰথমবাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলক সামৰি বৃহৎ আয়োজনেৰে আই এছ পি এল (ISPL) ফুটবল প্ৰতিযোগিতা, সন্তোষ ট্ৰফী, এছিয়াৰ সৰ্ববৃহৎ ডুৰাণ্ড কাপৰ দৰে প্ৰতিযোগিতা সফলতাৰে সম্পন্ন হয়।"- ওদালগুৰি জিলাৰ ওৰাঙত ফুটবল খেল প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত হৈ এইদৰে মন্তব্য আগবঢ়াই বিটিচিৰ খেল বিভাগৰ কাৰ্যবাহী সদস্য(EM) দাওবাইছা বড়োৱে।

উল্লেখ্য যে, ওৰাং আঞ্চলিক এবছুৰ উদ্যোগত আউনাজুলি গ্ৰাম্য খেলপথাৰত বৃহৎ আয়োজনেৰে তৃতীয় বড়োলেণ্ড শ্বহীদ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভ হয়। ওদালগুৰি জিলা ক্ৰীড়া সংস্থাৰ তত্বাৱধানত ২৪ ছেপ্টেম্বৰৰ পৰা ০৮ অক্টোবৰলৈ অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা। উদ্বোধনী খেলখন আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে বিটিচিৰ খেল বিভাগৰ কাৰ্যবাহী সদস্য দাওবাইছা বড়োৱে। তেওঁৰ লগত সংগ দিয়ে বি টি আৰৰ আন এগৰাকী কাৰ্যবাহী সদস্য ড৹ নিলুত স্বৰ্গীয়াৰীয়ে।

বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নেতৃত্বত বড়ো আন্দোলনত শ্বহীদ হোৱা ব্যক্তিসকলক স্মৰণ কৰি এবছুৱে প্ৰতি বছৰেই প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰি আহিছে। বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সমন্বয় গঢ়াৰ লগতে বৃহত্তৰ ওৰাং, ৰৌতা, মাজবাট আদি অঞ্চলৰ যুৱ প্ৰজন্মক খেলৰ প্ৰতি ধাউতি বৃদ্ধিৰ উদ্দেশ্যে এবছুৱে প্ৰাইজমানি ফুটবল খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে বুলি উদ্যোগতাই জানিবলৈ দিয়ে।

ওৰাঙত তৃতীয় বড়োলেণ্ড শ্বহীদ ট্ৰফী ফুটবল প্ৰতিযোগিতা
কৰ্মসংস্থাপনৰ বাবে গৈ বহিঃৰাজ্যত ৰহস্যজনক মৃত্যু অসমৰ যুৱকৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in