তিতাবৰত 'শিৱাস’ৰ প্ৰচেষ্টাত উত্তৰ প্ৰদেশৰ পিতা-পুত্ৰৰ মহামিলন

তিতাবৰত 'শিৱাস’ৰ প্ৰচেষ্টাত উত্তৰ প্ৰদেশৰ পিতা-পুত্ৰৰ মহামিলন

author-image
Asomiya Pratidin
New Update
তিতাবৰত 'শিৱাস’ৰ প্ৰচেষ্টাত উত্তৰ প্ৰদেশৰ পিতা-পুত্ৰৰ মহামিলন

ডিজিটেল সংবাদ,বেকাজানঃ তিতাবৰৰ সামাজিক অনুষ্ঠান 'শিৱাসৰ' প্ৰচেষ্টাত মহামিনল ঘটিল উত্তৰ প্ৰদেশৰ এটা পৰিয়ালৰ। সন্ধানহীন দিব্যাংগ পিতৃক বিচাৰি উত্তৰ প্ৰদেশৰ পৰা তিতাবৰত উপস্থিত হয় পুত্ৰ আৰু আত্মীয়স্বজন।

Advertisment

উল্লেখ্য, বিগত দুমাহৰ পূৰ্বে অজ্ঞাত কাৰণত পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ পৰিছিল উত্তৰ প্ৰদেশৰ চিত্রকূট অঞ্চলৰ ৰাধেশ্যাম ত্রিপাঠী নামৰ এজন দিব্যাংগ ব্যক্তি । লোকজনক অলপতে যোৰহাট নগৰত উদ্ধাৰ কৰে মাৰোৱাৰী যুৱ মঞ্চই।

শাৰীৰিকভাৱে দুৰ্বল হৈ পৰা ব্যক্তিজনক চিকিৎসা কৰোৱাৰ অন্তত ১৯ আগষ্টত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা যোৰহাট জিলা প্রশাসনে সমাজ কল্যাণ বিভাগৰ সহযোগত তিতাবৰৰ 'শিৱাস' নামৰ বিশেষভাৱে সক্ষম শিশুৰ বিকাশ কেন্দ্ৰক দুদিন ৰাখিবলৈ অনুৰোধ জনায়।

পৰিচয় উদ্ধাৰ হোৱাৰ পিছত যোৰহাট জিলা প্রশাসনে ব্যক্তিজনৰ পৰিয়ালৰ লগত যোগাযোগ কৰাত ব্যর্থ হোৱাত 'শিৱাস' নামৰ বিশেষভাৱে সক্ষম শিশুৰ বিকাশ কেন্দ্ৰৰ স্বত্বাধিকাৰী ৰিমঝিম মহন্তই নিজাববীয়া প্রচেষ্টাত ব্যক্তিজনৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিবলৈ সক্ষম হয়।

কালি স্থানীয় তিতাবৰ আৰক্ষীৰ উপস্থিতিত উত্তৰ প্ৰদেশৰ মাও আৰক্ষী থানাৰ অন্তৰ্গত চিত্রকূট অঞ্চলৰ পৰা দিব্যাংগ বাধেশ্যাম ত্রিপাঠীৰ পুত্ৰ আৰু আত্মীয় তিতাবৰত উপস্থিত হৈ ব্যক্তিজনক চমজি লৈ নিজ গৃহলৈ ৰাওনা হয়। 'শিৱাস'ৰ এই পদক্ষেপক এতিয়া শলাগ জনাইছে তিতাবৰবাসী ৰাইজে।

assam uttar pradesh