‘নিৰ্বাচনত জয়ী হ’লেই পোনতে হাগ্ৰামা বাহিনীৰ দুৰ্নীতিৰ বিষয়ে তদন্ত কৰিবলৈ চৰকাৰক আহ্বান জনাম’

‘নিৰ্বাচনত জয়ী হ’লেই পোনতে হাগ্ৰামা বাহিনীৰ দুৰ্নীতিৰ বিষয়ে তদন্ত কৰিবলৈ চৰকাৰক আহ্বান জনাম’

author-image
asomiyapratidin
New Update
‘নিৰ্বাচনত জয়ী হ’লেই পোনতে হাগ্ৰামা বাহিনীৰ দুৰ্নীতিৰ বিষয়ে তদন্ত কৰিবলৈ চৰকাৰক আহ্বান জনাম’

ডিজিটেল সংবাদ, শালবাৰীঃ'মই অন্যায়ৰ বিৰুদ্ধে যুঁজি আহিছোঁ,দুৰ্নীতিৰ বিৰুদ্ধে যুঁজি আহিছোঁ আৰু সদায় যুঁজি যাম৷এইবেলি নিৰ্বাচনত জয়ী হৈ সংসদত যোৱাৰ লগে লগে মই হাগ্ৰামা বাহিনীৰ দুৰ্নীতিৰ বিৰুদ্ধে তদন্ত চলাবলৈ ভাৰত চৰকাৰক আহ্বান জনাম৷" এই বক্তব্য এবছু সমৰ্থিত ইউপিপিএলৰ ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মৰ৷

শুকুৰবাৰে বাক্সাৰ শালবাৰীত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত প্ৰাৰ্থীগৰাকীয়ে কয়-"আমি সংঘৰ্ষমুক্ত অসম বিচাৰোঁ৷কিন্তু আজিৰ দিনতো বিটিএডিত বন্দুকৰ আন্দোলন চলিয়েই আছে৷" প্ৰাৰ্থী ব্ৰহ্মই সন্মিলিত জনগোষ্ঠীয় ঐক্যমঞ্চৰ প্ৰাৰ্থী সাংসদ নৱ কুমাৰ শৰণীয়াক সমালোচনা কৰিবলৈ গৈ কয়-" আজি নৱ কুমাৰ শৰণীয়াক পৰাজয়ী কৰিবৰ বাবে ৰাইজ ওলাই আহিছে৷নৱ কুমাৰ শৰণীয়াই কৰা বড়ো-অবড়োৰ ৰাজনীতিৰ দিন আজি উকলি গ'ল৷"

CABৰ বিৰুদ্ধে সংসদত মাত মাতিম বুলি বক্তব্য ৰখা ইউ জি ব্ৰহ্মই কয়-"ভাৰত চৰকাৰে বড়োলেণ্ড দিলে কোনেও ৰখাব নোৱাৰে আৰু নিদিলে যিমান আন্দোলন কৰিও লাভ নহ'ব৷" ছাইফুদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত আজিৰ সভাখনত ৰূস্তম আলী,হজৰত আলী,সৌৰভ দাস,বীনা গয়াৰী,মতিন আহমেদ আদিয়েও বক্তব্য ৰাখে৷