কোকৰাঝাৰত কেন্দ্ৰীয়ভাৱে উদযাপন ইউপিপিএলৰ সপ্তম প্ৰতিষ্ঠা দিৱস…

কোকৰাঝাৰত কেন্দ্ৰীয়ভাৱে উদযাপন ইউপিপিএলৰ সপ্তম প্ৰতিষ্ঠা দিৱস…

author-image
asomiyapratidin
New Update
কোকৰাঝাৰত কেন্দ্ৰীয়ভাৱে উদযাপন ইউপিপিএলৰ সপ্তম প্ৰতিষ্ঠা দিৱস…

ডিজিটেল সংবাদ, কোকৰাঝাৰ :- বিটিআৰৰ শাসকীয় দল ইউপিপিএলৰ সপ্তম প্ৰতিষ্ঠা দিৱস বৃহস্পতিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হৈছে ৷ ইউপিপিএলৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু কোকৰাঝাৰ জিলা সমিতিৰ সহযোগত কোকৰাঝাৰৰ নিকটৱৰ্তী চন্দ্ৰপাৰাত ইউপিপিএলৰ সপ্তম প্ৰতিষ্ঠা দিবসৰ কাৰ্যসূচী আৰম্ভ হৈছে ।

Advertisment

ইউপিপিএলৰ প্ৰতিষ্ঠা দিৱসৰ প্ৰথম দিনাৰ কাৰ্যসূচী বৃক্ষৰোপণৰে শুভাৰম্ভ কৰে বিটিআৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ কাৰ্যবাহী সদস্য তথা ইউপিপিএলৰ সাধাৰণ সম্পাদক নিলুৎ স্বৰ্গীয়াৰী আৰু বিজেপিৰ জিলা সভাপতি ৰাজকুমাৰ ব্ৰহ্মই ৷

উল্লেখ্য যে , প্ৰতিষ্ঠা দিৱসৰ সতে সংগতি ৰাখি ইউপিপিএলয়ে আজি বিটিআৰৰ পাঁচখন জিলাত পাঁচ লাখ গছপুলি ৰোপণ কৰাৰ লক্ষ্য লৈছে ৷ গছপুলি ৰোপনৰ অন্তত সংবাদ মাধ্যমৰ আগত কাৰ্যৱাহী সদস্য নিলুৎ স্বৰ্গীয়াৰী আৰু কোকৰাঝাৰ জিলা বিজেপিৰ সভাপতি ৰাজ কুমাৰ ব্ৰহ্মই কয় যে বিশ্বজুৰি গোলকীয় উত্তাপ বৃদ্ধিয়ে মানৱ সভ্যতা তথা জীৱকুলৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ।

গোলকীয় উষ্ণতা ৰোধ কৰাৰ স্বাৰ্থত তথা পৰিৱেশ সেউজ কৰাৰ স্বাৰ্থত গছপুলি ৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে বুলি মন্তব্য কৰি ইউপিপিএলৰ প্ৰতিষ্ঠা দিৱসৰ সতে সংগতি ৰাখি আজি পাঁচ লাখ গছপুলি ৰোপণ কৰা হব বুলি সদৰি কৰিছে নিলুৎ স্বৰ্গীয়াৰীয়ে ।

আৰু পঢ়ক: ৰাহুল জয়কাৰ হ'ব নালাগে জুবিন…

assam kokrajhar