/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/bb136053-be00-4d7d-a4b5-428579d06b2d/accident.jpg)
ডিজিটেল সংবাদ, মঙলদৈ : মঙলদৈৰ বৰদৌলগুৰিত মঙ্গলবাৰে ৰাতিপুৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এক দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত এখন এম্বুলেন্স আৰু টেল পৰিবাহী টেংকাৰৰ মাজত মুখামুখি সংঘৰ্ষ হয়। দুৰ্ঘটনাটোত এম্বুলেন্স খনৰ ড্ৰাইভাৰসহ পাঁচগৰাকী লোক আহত হয়। ইতিমধ্যে আহত সকলক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা টংলাৰ টোকানকাটালৈ প্ৰসূতি কঢ়িয়াই আনিছিল এম্বুলেন্সখনে। চিকিৎসালয়ত মৃত্যু হোৱা এটি শিশুসহ প্ৰসূতি এগৰাকী আছিল উক্ত এম্বুলেন্সত।
দূৰ্ভাগ্যজনকভাৱে এ এচ ০১ এল চি ৫০০১ নম্বৰৰএম্বুলেন্সখনে খুন্দা মাৰে মঙলদৈ-গুৱাহাটী অভিমুখি এ এচ ১৫ চি ৩২০১ টেল পৰিবাহী টেংকাৰখনত।
পুৱা ৫-৩০ বজাতে সংঘটিত দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত এম্বুলেন্সৰ ড্ৰাইভাৰজন নগাঁও তেতেলীয়াৰ পৰাগজ্যোতি নাথ বুলি জানিব পৰা গৈছে।