ভুল চিকিৎসা আৰু অৱহেলা! বিজেপি ৱাৰ্ড কমিচনাৰৰ মৃত্যুক লৈ উত্তপ্ত...

নাৰ্ছিং হোমৰ চিকিৎসকৰ চুড়ান্ত অৱহেলা আৰু ভুল চিকিৎসাৰ বাবেই শিৱসাগৰ জিলা বিজেপি দলৰ জনপ্ৰিয় নেত্ৰী তথা শিৱসাগৰ পৌৰসভা ৱাৰ্ড কমিচনাৰ উপমা বৰা( ৪৪) দেওবাৰে নিশা চহৰৰ প্ৰগতি নাৰ্ছিং হোমত মৃত্যু হয়

author-image
Asomiya Pratidin
New Update
ভুল চিকিৎসা আৰু অৱহেলা!  বিজেপি ৱাৰ্ড কমিচনাৰৰ মৃত্যুক লৈ উত্তপ্ত...

ডিজিটেল সংবাদ,শিৱসাগৰ: নাৰ্ছিং হোমৰ চিকিৎসকৰ চুড়ান্ত অৱহেলা আৰু ভুল চিকিৎসাৰ বাবেই শিৱসাগৰ জিলা বিজেপি দলৰ জনপ্ৰিয় নেত্ৰী তথা শিৱসাগৰ পৌৰসভা ৱাৰ্ড কমিচনাৰ উপমা বৰা( ৪৪) দেওবাৰে নিশা চহৰৰ প্ৰগতি নাৰ্ছিং হোমত মৃত্যু হয় ৷ শিৱসাগৰ পৌৰসভাৰ ১০ নং ৱাৰ্ডৰ ৱাৰ্ড কমিচনাৰ তথা ফুকন নগৰৰ নিৱাসী উপমা বৰাৰ চিকিৎসকৰ অৱহেলাত মৃত্যু হোৱাৰ অভিযোগৰ পিছতেই নিশা নাৰ্চিং হোম খনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

Advertisment

ৰাইজৰ ৰূদ্ৰমূৰ্তিৰ বাবে চিকিৎসক টংকেশ্বৰ দেউৰী নাৰ্ছিং হোমৰ আই চি ইউত আবদ্ধ হৈ আছে ৷ হাঁহি মুখেই দলীয় কাম কাজত সদা ব্যস্ত জনপ্ৰিয় নেত্ৰী গৰাকীৰ মৃত্যুৰ পিছতেই ক্ষোভিত আত্মীয় স্বৰ্জনে পৰিৱেশ উত্তপ্ত কৰি তুলাৰ লগতে ন্যায় বিচাৰি নাৰ্চিং হোম কৰ্তৃপক্ষক জৱাবদিহি কৰে ৷

ঘটনাৰ খবৰ পাই দণ্ডাধীশ সহ শীৰ্ষ আৰক্ষী বিষয়াৰ দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে যদিও পৰিস্থিতি বৰ্তমানো শান্ত হোৱা নাই ৷ প্ৰাপ্ত বাতৰি মতে ৱাৰ্ড কমিচনাৰ উপমা বৰাই চাৰিদিনৰ পুৰ্বে চিকিৎসকৰ পৰামৰ্শ ক্ৰমে প্ৰগতি নাৰ্চিং হোমত ভৰ্তি হৈছিল ৷ পূৰ্বৰে পৰা বহুমুত্ৰ ৰোগত আক্ৰান্ত উপমা বৰাৰ চুগাৰৰ পৰিমাণ সঘন তাৰতম্য হোৱাৰ লগতে জ্বৰৰ পৰা উপশম পোৱা নাছিল ৷

এই সন্দৰ্ভত নাৰ্চিং হোমখনৰ জেষ্ঠ চিকিৎসক গৰাকীক অৱগত কৰাৰ লগতে ডিব্ৰুগড়লৈ উন্নত চিকিৎসাৰ বাবে যাব বিছাৰিছিল ৷ কিন্তু চিকিৎসক গৰাকীয়ে নাৰ্ছিং হোমতেই এই ৰোগৰ চিকিৎসা সম্ভৱ বুলি অভয়বাণী দি চিকিৎসা চলাই গৈছিল ৷ ইফালে কৰ্তব্যৰত একাংশ নাৰ্চে চিকিৎসা প্ৰদাণৰ প্ৰাথমিক জ্ঞান নথকাৰো বিস্ফোৰক অভিযোগ তুলিছে পৰিয়ালৰ লোকে ৷

আজি সন্ধিয়া তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাত পৰিয়ালৰ লোকে চিকিৎসক গৰাকীৰ সৈতে ফোন যোগে আঠবাৰকৈ যোগাযোগৰ চেষ্টা চলাই যদিও চিকিৎসকে ফোন ৰিচিভ নকৰিলে ৷ চিকিৎসকৰ চুড়ান্ত অৱহেলা, ভুল চিকিৎসা আৰু অনভিজ্ঞ নাৰ্চৰ বাবেই নিশা উপমা বৰাৰ মৃত্যু হয় বুলি স্বামী ত্ৰিদিব বৰাই অভিযোগ উত্থাপন কৰিছে ৷নিশা হ’লে চিকিৎসকৰ অনুপস্থিতি, ভুল চিকিৎসা আৰু কৰ্তৃপক্ষৰ অৱহেলাৰ বাবেই নাৰ্চিং হোম খনত ইজনৰ পিছত সিজন ৰোগীৰ আকস্মিক মৃত্যু হোৱাৰ অভিযোগ তুলি একাংশ লোকে পৰিস্থিতি উত্তপ্ত কৰি তুলে ৷

জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াই কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰে পৰিস্থিতি নিয়ন্ত্ৰনৰ চেষ্টা চলাইছে যদিও আই চি ইউ কক্ষত উপমা বৰাৰ মৃত্তদেহৰ সৈতে চিকিৎসক টংকেশ্বৰ দেউৰী আৱদ্ধ হৈ থকাৰ বাতৰি পোৱা গৈছে ৷

আৰু পঢ়ক: অসমৰ লগতে মুঠ ১৩ ৰাজ্যই লাভ কৰিলে নতুন ৰাজ্যপাল, কোনে, ক'ত পালে নিযুক্তি...

bjp