কোকৰাঝাৰ থানা কালী মন্দিৰত উত্তপ্ত পৰিস্থিতি...

কোকৰাঝাৰ থানা কালী মন্দিৰত উত্তপ্ত পৰিস্থিতি...

ডিজিটেল সংবাদ, কোকৰাঝাৰ : মন্দিৰ কমিটিৰ সাধাৰণ সভাত বাৰ্ষিক হিচাপ নিদিয়াক লৈ আৰু নতুন কমিটি গঠন নকৰাক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত হতাহতি ৷ আগন্তুক কালি পূজা উপলক্ষে মঙলবাৰে সন্ধিয়া মন্দিৰ কমিটিৰ সাধাৰণ সভা চলি থকাৰ মাজতে সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ ৷

ৰাইজৰ অভিযোগত মন্দিৰৰ পুৰণি কমিটি ভংগ কৰি নতুন কমিটি গঠন কৰাৰ বাবে মঙলবাৰে সন্ধিয়া এক সাধাৰণ সভাৰ আয়োজন কৰা হৈছিল ৷ কিন্তু সভাত নতুন কমিটি গঠনৰ কোনো প্ৰস্তাৱ গ্ৰহণ নকৰাত উপস্থিত থকা ৰাইজ ক্ষোভিত হৈ পৰে ৷ তদুপৰি পুৰণি মন্দিৰ কমিটিয়ে বিগত এবছৰৰ হিচাপ নিকাচ দিবলৈ অমান্তি হয় ৷ ইয়াক লৈ পুৰণি কমিটিৰ সদস্য - সমৰ্থক আৰু ৰাইজৰ মাজত প্ৰথমে বাক বিতণ্ডাৰ সৃষ্টি হয় ৷ উক্ত বাক বিতণ্ডাই পিছলৈ চৰম ৰূপ ধাৰণ কৰাত দুয়ো পক্ষৰ মাজত হতাহতিৰ সৃষ্টি হয় ৷ সাংবাদিকৰ দল উপস্থিত হোৱাৰ পিছতহে দুয়ো পক্ষৰ মাজত সৃষ্টি হোৱা বাক বিতণ্ডতাৰ শাম কাটে ৷ অভিযোগ অনুসৰি, পুৰণি কমিটিয়ে মন্দিৰৰ নামত লাভ কৰা প্ৰায় ১৬-১৭ লাখ টকাৰ হিচাপ দিয়া নাই ৷

ইপিনে নতুন কমিটি গঠন নকৰিলে আৰু হিচাপ নিকাচ নিদিলে বিষয়টো জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াক অৱগত কৰা হব বুলি জনাইছে আজি সভাত উপস্থিত থকা ৰাইজে ৷

উল্লেখ্য যে, কালি পূজা উপলক্ষে প্ৰতিবাৰে কোকৰাঝাৰ থানা কালি মন্দিৰ প্ৰাংগন আৰু ইয়াৰ আশে পাশে বিশাল মেলাৰ আয়োজন কৰা হয় ৷ এই মেলাৰ নামত মন্দিৰ কমিটিয়ে লাখ লাখ টকাৰ ধন সংগ্ৰহ কৰে ৷ আৰু এই ধনৰ লোভতে পুুৰণি কমিটিৰ কিছু সদস্যই নতুন কমিটি গঠন কৰিব নোখোজে বুলি ৰাইজে অভিযোগ কৰিছে ৷ কিয়নো মেলাৰ নামত সংগ্ৰহ কৰা ধনৰ কিছু অংশহে মন্দিৰত জমা হয় আৰু বাকী খিনি ধন সংগ্ৰহৰ দায়িত্বত থকা একাংশই আত্মসাৎ কৰে ৷ কালি পূজাৰ নামত গঠন হোৱা কোকৰাঝাৰ থানা কালী মন্দিৰ কমিটিৰ বিৰুদ্ধে এই অভিযোগ বহুদিনীয়া ৷

তদুপৰি কালী পূজাৰ নামত প্ৰতি বছৰে অনুষ্ঠিত হৈ অহা এই মেলাৰ নামত সংগ্ৰহ কৰা ধনৰ অংশ আত্মসাৎ কৰাৰ বাবেই মন্দিৰ কমিটিৰ সম্পাদক - সদস্য হবলৈ স্থানীয় একাংশ দালাল প্ৰকৃতিৰ লোক তৎপৰ হৈ পৰা পৰিলক্ষিত হয় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in