হৃদৰোগত আক্ৰান্ত হৈ সম্ভাৱনাময় যুৱকৰ অকাল বিয়োগ

হৃদৰোগত আক্ৰান্ত হৈ সম্ভাৱনাময় যুৱকৰ অকাল বিয়োগ

author-image
Asomiya Pratidin
New Update
হৃদৰোগত আক্ৰান্ত হৈ সম্ভাৱনাময় যুৱকৰ অকাল বিয়োগ

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱাৰ সৰুহিছা গাঁৱত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। দেওবাৰে নিশা সকলোকে কন্দুৱাই হৃদৰোগত আক্ৰান্ত হৈ অকালতে গুচি গ’ল এজন সম্ভাৱনাময় যুৱক। যুৱকজনৰ নাম দেৱব্ৰত কলিতা।

উল্লেখযোগ্য যে সৰুহিছা গাঁৱৰ বুবুল কলিতাৰ একমাত্ৰ পুত্ৰ দেৱব্ৰতে স্নাতক ডিগ্ৰী লৈ নগাঁও আই টি আইত নামভৰ্তি কৰিছিল। ফুটবল, ভলীবল খেলতো আছিল পাৰ্গত।

দেওবাৰে নিশা যুৱকজনে আহাৰ গ্ৰহণ কৰি হঠাৎ বুকুৰ বিষ অনুভৱ কৰে আৰু লগে লগে ঢলি পৰে। ইয়াৰ পাছতে বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ দুজনকৈ চিকিৎসক উপস্থিত হয় যদিও দেৱব্ৰত কলিতাক মৃত ঘোষণা কৰে।

সৰবৰহী, নিৰ্জু স্বভাৱৰ ২৩ বছৰীয়া দেৱব্ৰত কলিতাৰ এই অকাল বিয়োগত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। দুঃসংবাদটো পোৱা মাত্ৰেই বন্ধুমহলৰ উপৰি বহু আত্মীয়-স্বজন তথা ৰাইজে পৰিয়ালটোত ভিৰ কৰে।

batadraba