বটদ্ৰৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত অসম গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত ৰাষ্ট্ৰীয় একতা দৌৰ...

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত অসম গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত ৰাষ্ট্ৰীয় একতা দৌৰ...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ স্বাধীন ভাৰতৰ প্ৰথম গৰাকী গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম দিনৰ লগত সংগতি ৰাখি আজি বটদ্ৰৱাত অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় একতা দৌৰ। বটদ্ৰৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত অসম গ্ৰামীণ জীবিকা অভিযানৰ উদ্যোগত অনুষ্ঠিত ৰাষ্ট্ৰীয় একতা দৌৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰি বটদ্ৰৱা উন্নয়ন খণ্ডৰ প্ৰকল্প প্ৰৱন্ধক মিন্টু ডেকাই স্বাধীন ভাৰতবৰ্ষক শক্তিশালী ৰূপত গঢ় দিয়া মহান মনীষী চৰ্দাৰ বল্লভভাই পেটেলৰ অনুপ্ৰেৰণাত সমাজৰ প্ৰতিজন লোকে অখণ্ডতা ৰক্ষা কৰি দেশক অধিক শক্তিশালী কৰিবলৈ আহ্বান জনায়।

Advertisment

জীৱিকা সখী ত্ৰিবেনী কলিতাই আঁত ধৰা অনুষ্ঠানটিত একতা দৌৰত অংশগ্ৰহন কৰা সকলোৱে ৰাষ্ট্ৰীয় একতা আৰু অখণ্ডতাৰ শপত বাক্য পাঠ কৰে। বটদ্ৰৱাৰ দৌলৰ বাটৰ ৰাজহুৱা মঞ্চৰ পৰা আৰম্ভ হোৱা ৰাষ্ট্ৰীয় একতা দৌৰৰ অনুষ্ঠানটিত বটদ্ৰৱা উন্নয়ন খণ্ডৰ অন্ততৰ্গ মহালক্ষ্মী মণ্ডল পৰ্য্যায়ৰ সংগঠনৰ সভানেত্ৰী নিত্যাঞ্জলী দাস বৰা, সহ সম্পাদিকা মিনা কলিতাৰ লগতে সংগঠনৰ সকলো সদস্য, ধনশ্ৰী মণ্ডল পৰ্যায়ৰ সংগঠনৰ বিষয়ববীয়া সকল, বটদ্ৰৱা উন্নয়ন খণ্ডৰ ১৫ খন পঞ্চায়তৰ জীবিকা সখী, পশু সখী, কৃষি সখী, বেংক মিত্ৰৰ লগতে বিভিন্ন গ্ৰাম্য সংগঠন আৰু আত্ম সহায়ক গোটৰ সদস্যই অংশ গ্ৰহণ কৰে।

Batadrawa assam