সন্মিলিত গণশক্তিৰ কেমি-জেলম সমিতিৰ অধিৱেশন সম্পন্ন...

author-image
Asomiya Pratidin
New Update
সন্মিলিত গণশক্তিৰ কেমি-জেলম সমিতিৰ অধিৱেশন সম্পন্ন...

ডিজিটেল সংবাদ, জোনাই : সন্মিলিত গণশক্তি অসমৰ কেমি-জেলম পঞ্চায়ত সমিতিৰ তৃতীয় ত্ৰি-বাৰ্ষিক সাধাৰণ অধিৱেশনখন লক্ষী নেপালী বস্তিত গোৰ্খা ভৱনত অনুষ্ঠিত কৰা হয়। সন্মিলিত গণশক্তি অসম, কেমি-জেলম পঞ্চায়ত সমিতিৰ অধিৱেশন উপলক্ষে ন অক্টোবৰৰ পুৱা ভাগতে সমূহীয়া চাফাই কাৰ্যসূচীৰ পিছত পতাকা উত্তোলন কৰে সন্মিলিত গণশক্তি অসম, কেমি-জেলম পঞ্চায়ত সমিতিৰ সভাপতি হৰিকুমাৰ প্ৰধান আৰু স্মৃতি তৰ্পণ কৰে সন্মিলিত গণশক্তি অসম, কেমি-জেলম পঞ্চায়ত সমিতিৰ উপদেষ্টা ৰাজদীপ পাতিৰে।

Advertisment

ইপিনে সন্মিলিত গণশক্তি অসম, কেমি-জেলম পঞ্চায়ত সমিতিৰ সভাপতি হৰিকুমাৰ প্ৰধানৰ সভাপতি অনুষ্ঠিত হোৱা প্ৰতিনিধি সভা কক্ষ মুকলি কৰে সন্মিলিত গণশক্তি অসমৰ সম্পাদক পদুম ৰায়ে আৰু প্ৰতিনিধি সভাত উদ্বোধন কৰে সন্মিলিত গণশক্তি অসমৰ জোনাইৰ ব্লকৰ কাৰ্যকৰী সভাপতি বীৰবাহাদুৰ লিম্বোয়ে।

প্ৰতিনিধি সভাত দলীয় প্ৰতিবেদন পাঠ কৰে সন্মিলিত গণশক্তি অসম, কেমি-জেলম পঞ্চায়ত সমিতিৰ সম্পাদক ৰাজকুমাৰ টায়েই। ইয়াৰ পিছত অনুষ্ঠিত হোৱা 'সন্মিলিত গণশক্তি অসমৰ আগন্তুক কৰ্মসূচী' শীৰ্ষক কৰ্মশালাত সন্মিলিত গণশক্তি অসমৰ সম্পাদক নৰেশ কুম্বাং, সন্মিলিত নাৰী শক্তিৰ উপ-সভানেত্ৰী গীতাঞ্জলি বৰি পাতিৰ, জোনাই ব্লকৰ কাৰ্যকৰী সভাপতি বীৰ বাহাদুৰ লিম্বো, সম্পাদক অতুল পেগু, অচ্যুত দলে, সুবল হাজং, কেমি-জেলম পঞ্চায়ত সমিতিৰ যুটীয়া সম্পাদক খগেন পেণ্ড আদি বহু নেতাই বক্তব্য প্ৰদান কৰে।

সভাত বিশেষকৈ সম অধিকাৰ, সম মৰ্যাদা আৰু সম উন্নয়নৰ মূল মন্ত্ৰৰে জাতি-বর্ণ ধৰ্ম নিৰ্বিশেষে ৰাইজৰ লগত ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক দিশত সমিল মিলেৰে সুস্থ সৱল আৰু প্ৰগতিশীল সমাজ গঢ়াৰ অবিৰতভাৱে সংগ্রাম আগবঢ়াই নিয়ম লগতে তৃণমূল পৰ্যায়ত সাংগঠনিক ভেটি শক্তিশালী কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে। তদুপৰি সভাত নৰেশ দলে, অনিল পাচাৰ, ভুবন চিন্তে, ফণীধৰ লাগাছু, দিপাংকৰ দলে, দেৱকান্ত দলে, প্ৰাঞ্জল পায়েং, সাগৰ দলে, জয়চন্দ্ৰ দলে, ৰঞ্জু পাৱ আদি কংগ্ৰেছ আৰু বিজেপিৰ পৰা সন্মিলিত গণশক্তি দলৰ আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ গণশক্তি দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে।

assam jonai