/asomiyapratidin/media/media_files/2024/11/26/3cCUHP6yfvf7B0Fo9vMb.jpg)
ডিজিটেল সংবাদ গোলাঘাটঃ মিচিং হস্ততাঁত সামগ্ৰিক ২৫ নৱেম্বৰ, সোমবাৰে আনুষ্ঠানিক ভাবে ভৌগোলিক সূচাংক অৰ্থাৎ জি আই প্ৰমাণপত্ৰ প্ৰদান কৰা হয় ৷ গোলাঘাট জিলাৰ কুৰালগুৰিস্থিত হস্তশিল্প উন্নয়ন প্ৰতিষ্ঠানে জনোৱা আবেদনৰ ভিত্তিত কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিঙ আৰু কেন্দ্ৰীয় বিদেশ ৰাজ্যমন্ত্ৰী প্ৰবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত নতুন দিল্লীৰ হোটেল অবেৰয়ৰ সভাগৃহত হোৱা জি আই টেগৰ আন্তজাতিক কৰ্মশালাত আবেদনকাৰী স্বেচ্ছাসেৱী সংগঠনটোৰ সম্পাদক পংকজ কুমাৰ শৰ্মা আৰু সহ সম্পাদক গগন বৰদলৈৰ হাতত সেই স্বীকৃতি প্ৰমাণপত্ৰ আনুষ্ঠানিকভাবে প্ৰদান কৰে ৷
উল্লেখ্য যে চলিত বছৰৰ মাৰ্চ মাহতে মিচিং জনজাতি হস্ততাঁত সামগ্ৰীৰ জি আই টেগৰ স্বীকৃতি পঞ্জীয়ন হৈছিল ৷ উল্লেখ্য যে এই কৰ্মশালাত ভাৰতৰ উপৰিও ৰাছিয়া, জাপান, ইটালি, ফ্ৰাঞ্চকে ধৰি ২৯ খন ৰাষ্ট্ৰৰ প্ৰতিনিধি উপস্থিত আছিল ৷
অনুষ্ঠানত অসমকে ধৰি ভাৰতৰ ১০ খন ৰাজ্যৰ বিভিন্ন সামগ্ৰীলৈ জি আই টেগৰ প্ৰমাণপ্ৰত্ৰ প্ৰদান কৰা হয় ৷ উক্ত আন্তৰ্জাতিক কৰ্মশালাত অসমৰ হস্তশিল্প উন্নয়ন প্ৰতিষ্ঠানে প্ৰদৰ্শন কৰা মিচিং বস্ত্ৰ আৰু অসমীয়া গামোচা বিভিন্ন ৰাষ্ট্ৰৰ অংশগ্ৰহণকাৰী বাণিজ্যিক প্ৰতিনিধিয়ে ক্ৰয় কৰাৰ বাবে আগ্ৰহী বুলি পঙ্কজ কুমাৰ শৰ্মাই জানিবলৈ দিছে ৷
নাবাৰ্ডৰ সহযোগত হস্তশিল্প উন্নয়ন প্ৰতিষ্ঠানে দুবছৰ ধৰি জি আই টেগ লাভৰ বাবে কৰা অহৰহ প্ৰচেষ্টাই অৱশেষত সফলতা লাভ কৰাত মিচিং জনগোষ্ঠীৰ লগতে অসমৰ ৰাইজকো উৎফুল্লিত কৰিছে।