/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/ecbf1e9e-1442-45cf-baa4-3dd1eaf5d983/134.jpg)
ডিজিটেল ডেস্ক : যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ প্ৰস্তাৱৰ প্ৰতি সহাঁৰি জনাইছে অসামৰিক বিমান পৰিবহন বিভাগৰ মন্ত্ৰী ৰাম মোহন নাইডুৱে। যোৰহাটৰ পৰা দিল্লীলৈ বিমান চলাচল পুনৰ সক্ৰিয় কৰাৰ বাবে আবেদন জনাইছিল সাংসদ গগৈয়ে। তেঁওৰ এই অনুৰোধৰ প্ৰতি আশ্বাস প্ৰদান কৰিছে মন্ত্ৰীগৰাকীয়ে।
উল্লেখ্য যে যোৱা ১ জুলাইত গৌৰৱ গগৈয়ে সাক্ষাত কৰিছিল মন্ত্ৰী ৰাম মোহন নাইডুক। সেই সাক্ষাতকালতে সাংসদগৰাকীয়ে জনাইছিল যে শীঘ্ৰেই যোৰহাট আৰু দিল্লীৰ মাজত বিমান চলাচলৰ ব্যৱস্থা কৰাৰ কথা।
গৌৰৱ গগৈৰ অনুৰোধৰ প্ৰতি সন্মতি প্ৰকাশ কৰি অহা অক্টোবৰ মাহৰ পৰা স্পাইছ জেট বিমান যোৰহাটৰ পৰা দিল্লীলৈ পোনপোটীয়াকৈ চলাচল কৰিব বুলি আশ্বাস প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰী নাইডুৱে। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা তথ্য অনুসৰি যোৰহাট আৰু দিল্লী সংযোগী পোনপটীয়া বিমান সেৱা "উডান ৫.০" অধীনত চলাচল কৰিব। নিবিদা অনুসৰি অক্টোবৰ মাহৰ পৰা স্পাইচজেটৰ ১৮৯ জনীয়া যাত্ৰীবাহী বিমান প্ৰতি সপ্তাহত ৭ খন চলাচল কৰিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/93e82eee-6f00-4d0c-b9d4-4443b88b57d6/453071818_1063416098476750_5532815426585688171_n.jpg)
স্বাভাৱিকতে এই খবৰে আনন্দিত কৰি তুলিছে যোৰহাটবাসীক। কিয়নো সম্প্ৰতি যোৰহাটৰ পৰা দিল্লীলৈ বিমান চলাচল বন্ধ হৈ আছে। যাৰ বাবে দুৰ্ভোগ ভুগিব লগা হৈছিল বিমানযাত্ৰীসকলে।
Also Read: বিধানসভা নিৰ্বাচনপৰ্যন্ত বিজেপিৰ লগ নেৰে অসম গণ পৰিষদে : সভাপতি অতুল বৰা