
ডিজিটেল সংবাদ,নগাঁও : নগাঁৱৰ জুৰীয়াৰ আধাখুন্দাৰ সৰবৰহী যুৱক মোস্তাফিজুৰ ৰহমানৰ মৃত্যু ৷ ৪৪ বছৰ বয়সত মোস্তাফিজুৰে মৃত্যুক সাৱতি লোৱাত সমগ্ৰ জুৰীয়া অঞ্চলত শোকৰ ছাঁ পৰিছে ৷ শনিবাৰে নিশা হঠাৎ অক্সিজেনৰ পৰিমাণ হ্ৰাস পোৱাত উশাহ লোৱাত সমস্যাৰ সৃষ্টি হয় ৷ ইয়াৰ পাছতেই চিকিৎসালয়লৈ নিয়াৰ পূৰ্বে মৃত্যুক সাৱতি লয় মোস্তাফিজুৰে ৷
মৃত্যুৰ সময়ত যুৱকজনে দুই সন্তান, মাতৃক এৰি থৈ গৈছে ৷ উল্লেখ্য যে দুই সন্তানে সৰুতে মাতৃক হেৰুওৱাৰ পিছত মোস্তাফিজুৰে দুই সন্তানক মাতৃৰ অনুপস্থিতি অনুভৱ কৰিবলৈ নিদি ডাঙৰ দীঘল কৰিছিল ৷ কন্যা সন্তানটি বৰ্তমান সপ্তম শ্ৰেণীত আৰু পুত্ৰ সন্তানটি তৃতীয় শ্ৰেণীত অধ্যয়নৰত ৷
উল্লেখ্য যে, কিছুমাহ পূৰ্বে মোস্তাফিজুৰ বৃক্ক ৰোগত আক্ৰান্ত হৈছিল ৷ এই বৃক্ক ৰোগৰ বাবে চিকিৎসাৰ ব্যৱস্থা কৰা হৈছিল যদিও শনিবাৰে নিশা হঠাৎ ইহলীলা সম্বৰণ কৰে মোস্তাফিজুৰ ৰহমানে ৷ দেওবাৰে জুৰীয়া বজাৰৰ ওচৰত অগণন লোকৰ উপস্থিতিত এক শোকাকুল পৰিবেশত যুৱকজনৰ জানাজা সম্পন্ন কৰা হয় ৷