গ্ৰামাঞ্চলতকৈ বৃদ্ধি পাইছে চহৰ অঞ্চলত নিবনুৱাৰ সংখ্যা,১০ শতাংশ বৃদ্ধি নগৰীয়া নিবনুৱা…

গ্ৰামাঞ্চলতকৈ বৃদ্ধি পাইছে চহৰ অঞ্চলত নিবনুৱাৰ সংখ্যা,১০ শতাংশ বৃদ্ধি নগৰীয়া নিবনুৱা…

ডিজিটেল ডেস্ক: বিগত কেইটামান হোৱা অস্বাভাৱিক মূল্যবৃদ্ধিয়ে কোঙা কৰিছে জনতাক। কেৱল জনতাৰ মাজতে নহয় উদ্যোগ জগততো ই বিৰুপ প্ৰভাৱ পেলাইছে।

উৎপাদিত সামগ্ৰীৰ বিক্ৰী হ্ৰাসৰ বাবে বহু উদ্যোগে উৎপাদন হ্ৰাস কৰিবলগীয়া হৈছে। ফলত উদ্যোগ খণ্ডৰ কৰ্মীৰ মাজত আৰম্ভ হৈছে ছাটাই পৰ্ব। কেঁচামালৰ মূল্যবৃদ্ধিৰ বাবে স্তম্ভিত হৈ পৰিছে উদ্যোগ মহল। যাৰ বাবে নতুন কৰ্মচৰী নিয়োগ কৰা দূৰৰেই কথা পুৰণি কৰ্মচাৰী সকলকে অব্যাহতি দিছে।

মুদ্ৰাস্ফীতি আকাশলংঘী হোৱাৰ মাজতেই দেশত নিবনুৱা সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে বুলি অৰ্থনৈতিক বিশ্লেষক সকলে দাবী কৰে। অৰ্থনৈতিক বিশ্লেষণকাৰী প্ৰতিষ্ঠান চি এম আই ইৰ পৰিসংখ্যা অনুযায়ী দেওবাৰে অন্ত পৰা সপ্তাহটোৰ চহৰাঞ্চলত নিবনুৱাৰ সংখ্যাই ১০ শতাংশৰ ঘৰ স্পৰ্শ কৰিছে। তাৰ পূৰ্বৰ সপ্তাহত ইয়াৰ হাৰ আছিল ৭.৩৬ শতাংশ।

গ্ৰাম্য অঞ্চলতকৈ বৃদ্ধি পাইছে চহৰ অঞ্চলত নিবনুৱাৰ সংখ্যা। অৰ্থনৈতিক বিশ্লেষক সকলৰ মতে বৰ্তমান সময়ত হোৱা মূল্যবৃদ্ধিয়েই নিবনুৱা সমস্যা বৃদ্ধিৰ মূল কাৰণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in