মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে উমৰাংছুৰ যিটো কয়লাখনিত এই অঘটন সংঘটিত হ’ল সেই কয়লাখনি অবৈধ আছিল বুলি ঘোষণা কৰিছে। এই খনিটোৰ সৈতে জড়িত পুনিছ নুনিছা নামৰ এজন ব্যক্তিকো গ্ৰেপ্তাৰ কৰা হৈছে।
পুনিছ নুনিছা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী দেৱলাল গাৰ্লোছাৰ আত্মীয়। মন কৰিবলগীয়া যে, উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ অধীনস্থ এলেকাত এতিয়া কেৱল গাৰ্লোছা দম্পত্তিৰ লুণ্ঠন চলিছে।
একালৰ বিদ্ৰোহৰ নামত হত্যা, হিংসাৰে জড়িত হৈ কুখ্যাতি অৰ্জন কৰা দেৱলাল গাৰ্লোছাৰ বিৰুদ্ধে বহু গোচৰ আছিল যদিও আত্মসমৰ্পণৰ পাছতেই বিজেপিত যোগদান কৰি তেওঁ হৈ পৰে উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া।
দায়িত্ব গ্ৰহণৰ পাছতে পত্নী কণিকা হোজাইৰ নামত কোম্পানী খুলি লৈ উত্তৰ কাছাৰৰ খনিজ সম্পদৰ একচত্ৰী সম্ৰাট হৈ পৰা দেৱলাল গাৰ্লোছাৰ চত্ৰছায়াতে উমৰাংছুত চলি আছে কয়লাৰ অবৈধ খনন। এই অবৈধ খননৰ বাবেই এতিয়া উমৰাংছুত উঠিছে মৃত্যুৰ কিৰীলি।
শেহতীয়াকৈ আমাৰ হাতত পৰা এক তথ্যই উমৰাংছুৰ অবৈধ কয়লাখনিৰ বহু কথাই স্পষ্ট কৰি তুলিছে। হাফলঙৰ প্ৰাক্তন বিধায়ক তথা একালৰ উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সমৰজিৎ হাফলংবাৰে মঙলবাৰে আমাক জনোৱা মতে দেৱলাল গাৰ্লোছাৰ পত্নী কণিকা হোজাইৰ নামত AMDC-এ কয়লা পৰিবাহী ট্ৰাকৰ বাবে চালান জাৰি কৰে।
এই বৈধ চালানবোৰেই উমৰাংছুৰ অবৈধ কয়লাখনিৰ পৰা কয়লা সৰবৰাহত ব্যৱহাৰ কৰা হয়। সোমবাৰে উমৰাংছুৰ AMDCৰ অধীনৰ এলেকাৰ ১৯ নং কয়লাখনিৰ ঠিক কাষৰ এটা কয়লাখনিত (AMDCৰ অধীনৰ এলেকাৰ বাহিৰত)যি অঘটন সংঘটিত হ’ল তাৰ পৰাও কয়লা সৰবৰাহত এই চালানকেই ব্যৱহাৰ কৰা হয় বুলিও অভিযোগ উঠিছে।
সমৰজিৎ হাফলংবাৰৰ লগতে হাফলঙৰ অন্যান্যসকলে এই অভিযোগ কৰিছে যদিও গোটেই বিষয়টো স্পষ্ট হ’বলৈ এক নিৰপেক্ষ তদন্তৰ প্ৰয়োজন। সঠিক আৰু শক্তিশালী তদন্ত প্ৰক্ৰিয়াইহে এই সকলো বিষয় স্পষ্ট কৰিব।
আমাৰ হাতত ইতিমধ্যে কণিকা হোজাইৰ নামত জাৰি হোৱা এখন চালান আহি পৰিছে। অৱশ্যে আমি এই বৈধ চালান কিদৰে অবৈধভাৱে ব্যৱহাৰ কৰি আছে তাৰ সবিশেষ তথ্য লাভ কৰা নাই। কেৱল অভিযোগহে লাভ কৰিছো।আন এক অভিযোগ অনুসৰি এখন চালানত ১০ টন কয়লা সৰবৰাহৰ বাবে অনুমতি থাকে যদিও তেওঁলোকে ৫০ টনৰো অধিক কয়লা সৰবৰাহ কৰি ৰাজহ ফাঁকিও দি আহিছে।
সোমবাৰে পুৱা ৯ বজাত কয়লাখনি পানীৰে ভৰি পৰাৰ পাছতে উমৰাংছুৰ অবৈধ কয়লা খনিৰ সমগ্ৰ ঘটনা স্পষ্ট হৈ পৰিছে। AMDC ৰ নিয়ন্ত্ৰণাধীন এলেকাৰ বাহিৰত যদিও এই অবৈধ কয়লাখনি সকলোৰে চকুৰ সন্মুখতে সক্ৰিয় হৈ আছিল।
নিতৌ ইয়াত চলিছিল কয়লাখনন। তাৰোপৰি বৈধ, অবৈধ কয়লা খননৰ সময়তো ভংগ কৰা হৈছিল সকলো নীতি, নিয়ম। ‘‘ৰেট হ’ল ক’ল মাইনিং’’ নিষিদ্ধ যদিও ইয়াত এইদৰেই কয়লা খনন চলি আছে।
যিসমূহ কয়লাখনিত খনন বন্ধ হৈছে সেইসমূহ খনি পুতি পেলাব লাগে যদিও ইয়াত উন্মুক্ত কৰি ৰখা হৈছে। ফলত উন্মুক্ত খনি পানীৰে ভৰি আছে। এইদৰে উন্মুক্ত পানীৰে ভৰি থকা খনিৰ সৈতে সংযোগ হোৱাৰ বাবেই সোমবাৰে শ্ৰমিকসকলে কয়লা খননৰ সময়ত প্ৰাণনাশী দুৰ্ঘটনাৰ সন্মুখীন হ’ল।
মঙ্গলবাৰে SDRF, NDRF ভাৰতীয় সেনা আৰু নৌসেনাৰ উদ্ধাৰকাৰীয়ে ৩ জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰৰ পাছত আজি পুনৰ এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। কিন্তু এই পৰ্যন্ত খনিৰ ভিতৰত প্ৰকৃততে কিমান শ্ৰমিক আৱদ্ধ হৈ আছে তাৰ কোনো সঠিক তথ্য নাই প্ৰশাসনৰ হাতত। এই ট্ৰেজেডিৰ দায়িত্ব এতিয়া কোনে ল'ব সেয়াও এক ডাঙৰ প্ৰশ্ন।