Advertisment

উমৰাংছুত কি পৰ্যায়ত আছে উদ্ধাৰকাৰ্য? কেতিয়া উদ্ধাৰ হ'ব আৱদ্ধ শ্ৰমিক...

উমৰাংছুৰ কয়লা খনিত আবদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰৰ বাবে আজিও উদ্ধাৰ অভিযান অব্যাহত আছে। প্ৰতিকূল বতৰৰ বাবে মঙল আৰু বুধবাৰে উদ্ধাৰ অভিযানত ব্যাঘাত জন্মাৰ পাছত বৃহস্পতিবাৰে অৱশ্যে বতৰ কিছু মুকলি হৈছে। 

author-image
Asomiya Pratidin
New Update
উমৰাংছুত কি পৰ্যায়ত আছে উদ্ধাৰকাৰ্য? কেতিয়া উদ্ধাৰ হ'ব আৱদ্ধ শ্ৰমিক...

ডিজিটেল ডেস্কঃ উমৰাংছুৰ কয়লা খনিত আবদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰৰ বাবে আজিও উদ্ধাৰ অভিযান অব্যাহত আছে। প্ৰতিকূল বতৰৰ বাবে মঙল আৰু বুধবাৰে উদ্ধাৰ অভিযানত ব্যাঘাত জন্মাৰ পাছত বৃহস্পতিবাৰে অৱশ্যে বতৰ কিছু মুকলি হৈছে। 

উদ্ধাৰকাৰীসকলে পূৰ্ণোদ্যমে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। উদ্ধাৰকাৰ্যৰ আজি চতুৰ্থ দিনটোত কল ইণ্ডিয়া লিমিটেডে উদ্ধাৰ অভিযানত বিশেষ ততৎপৰতা দেখুৱাইছে। কয়লাখনিৰ পানী উলিয়াবলৈ ক'ল ইণ্ডিয়া লিমিটেডে নাগপুৰৰ এটা উচ্চ ক্ষমতাসম্পন্ন পাম্প আনিছে। 

তাৰ মাজতে ভাৰতীয় নৌসেনাৰ ডুবাৰু বাহিনীয়ে কয়লাখনিৰ ভিতৰত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। বুধবাৰে অ এন জি চিয়েও কয়লাখনিৰ পানী নিষ্কাশনৰ চেষ্টা কৰিছিল। বুধবাৰে অএন জি চিৰ পাম্পেৰে পানী নিষ্কাশনৰ চেষ্টা কৰিছিল যদিও আজি অৱশ্যে অ এন জি চিৰ সেই পাম্প ঘটনাস্থলীত নাই।

যিহেতু বুধবাৰে বহু পানী খনিৰ পৰা বাহিৰলৈ উলিয়াই অনা হৈছিল আৰু আজিও এন ডি আৰ এফৰ পাম্পেৰে পানী নিষ্কাশন কৰা হৈছে সেয়ে কয়লাখনিৰ পানীৰ গভীৰতা কিছু হ্ৰাস পোৱা বুলি অনুমান কৰা হৈছে। নৌসেনাৰ ডুবাৰু বাহিনীয়েও প্ৰযুক্তিগত দিশটোক এৰি চলি মেনুৱেলী পানীৰ তলত হাতেৰে খেপিয়াই শ্ৰমিকসকলৰ সন্ধান চলাইছে।

ইফালে ৰাজ্যচৰকাৰৰ দুজনকৈ মন্ত্ৰীয়ে এই উদ্ধাৰকাৰ্যৰ তদাৰক কৰিছিল যদিও আজি আগবেলা পৰ্যন্ত তেওঁলোকৰ কোনো এজনকেই উদ্ধাৰস্থলীত দেখিবলৈ পোৱা নাই। সেইদৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰো কোনো বিষয়ববীয়া ঘটনাস্থলীত আজি দেখিবলৈ নাই।

ঘটনাস্থলীত কেৱল ভাৰতীয় সেনা, এন ডি আৰ এফ, এছ ডি আৰ এফৰ বিষয়া জোৱানৰ লগতে নৌসেনাৰ ডুবাৰু বাহিনীৰ সদস্যসকলহে আছে। তেওঁলোকেই তৎপৰাতাৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

উল্লেখ্য যে, বুধবাৰে পুৱা উদ্ধাৰকাৰীয়ে নেপালৰ গংগাবাহাদুৰ শ্ৰেষ্ঠ নামৰ শ্ৰমিকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। এই পৰ্যন্ত উদ্ধাৰকাৰীৰ এয়াই সফলতা।  এতিয়াও কয়লাখনিত বহু শ্ৰমিক আবদ্ধ হৈ আছে। কিন্তু প্ৰকৃততে কিমান শ্ৰমিক আৱদ্ধ হৈ আছে তাৰ কোনো সঠিক তথ্য কাৰো হাতত নাই। 

বুধবাৰে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে জনোৱা অনুসৰি সকলো ফালৰ পৰা সুৰংগ নিৰ্মাণৰো প্ৰক্ৰিয়া চলি আছে। উল্লেখ্য যে, মঙলবাৰতকৈ বুধবাৰে পানীৰ গভীৰতা কিছু হ্ৰাস পোৱাৰ বাবেই শ্বাফ্টৰ তলৰ পৰা এটা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল উদ্ধাৰকাৰীসকলে। সেয়ে খনিৰ ভিতৰত পানীৰ গভীৰতা হ্ৰাস পালেই উদ্ধাৰকাৰীসকল সফল হ'ব বুলি অনুমান কৰা হৈছে। 

অবৈধ কয়লাখনন উমৰাংছু