উমৰাংছুত তৃতীয়টো মৃতদেহ উদ্ধাৰঃ অন্যান্যসকলৰ সন্ধানত অব্য়াহত অভিযান

উমৰাংছুৰ কয়লাখনিত পুনৰ এটা মৃতদেহ উদ্ধাৰ কৰিছে উদ্ধাৰকাৰীয়ে। আজি পুৱাৰে পৰা আৰম্ভ হোৱা ষষ্ঠ দিনৰ উদ্ধাৰ অভিযানত এই পৰ্যন্ত দুটা মৃতদেহ উদ্ধাৰ হৈছে। 

author-image
Asomiya Pratidin
New Update
উমৰাংছুত তৃতীয়টো মৃতদেহ উদ্ধাৰঃ অন্যান্যসকলৰ সন্ধানত অব্য়াহত অভিযান

ডিজিটেল ডেস্কঃ উমৰাংছুৰ কয়লাখনিত পুনৰ এটা মৃতদেহ উদ্ধাৰ কৰিছে উদ্ধাৰকাৰীয়ে। আজি পুৱাৰে পৰা আৰম্ভ হোৱা ষষ্ঠ দিনৰ উদ্ধাৰ অভিযানত এই পৰ্যন্ত দুটা মৃতদেহ উদ্ধাৰ হৈছে। 

ইয়াৰ পূৰ্বে বুধবাৰে এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হৈছিল। আজি উদ্ধাৰ হোৱা দ্বিতীয়টো মৃতদেহৰ পৰিচয় অৱশ্যে এতিয়ালৈকে জানিব পৰা নাই।

উল্লেখ্য যে, এতিয়ালৈকে উদ্ধাৰ হোৱা মৃতদেহ তিনিটা ক্ৰমে নেপালৰ গংগা বাহাদুৰ শ্ৰেষ্ঠ, উমৰাংছুৰ লিজেন মগৰ আৰু কিছু সময়ৰ পূৰ্বে উদ্ধাৰ হোৱা চিনাক্তহীন শ্ৰমিকজন।

ভাৰতীয় সেনা আৰু এন ডি আৰ এফে আজি পুৱা উদ্ধাৰ অভিযান আৰম্ভ কৰাৰ সময়তে ৭-৩৬ বজাত প্ৰথম সফলতা লাভ কৰে। যিহেতু খনিৰ জলস্তৰ হ্ৰাস পাইছে সেয়ে আশা কৰা হৈছে আজিয়েই আৱদ্ধ হৈ থকা আন আন শ্ৰমিকসকলকো উদ্ধাৰ কৰিব পাৰিব।

চৰকাৰী হিচাপ অনুসৰি খনিত এতিয়াও আৱদ্ধ হৈ আছে ৬ গৰাকী শ্ৰমিক। অৱশ্যে বেচৰকাৰী তথ্য অনুসৰি আৱদ্ধ হৈ থকা শ্ৰমিকৰ সংখ্যা আৰু অধিক হোৱাৰ সম্ভাৱনা আছে।

অবৈধ কয়লাখনন উমৰাংছু