আলফা(স্বা) যোগদান! গ্ৰেপ্তাৰ শদিয়াৰ যুৱক…

আলফা(স্বা) যোগদান! গ্ৰেপ্তাৰ শদিয়াৰ যুৱক…

author-image
asomiyapratidin
New Update
আলফা(স্বা) যোগদান! গ্ৰেপ্তাৰ শদিয়াৰ যুৱক…

ডিজিটেল সংবাদ,শিৱসাগৰ: শদিয়াৰ উদয়নগৰৰ যুৱ কংগ্ৰেছৰ নেতা জনাৰ্দন গগৈ আলফাত যোগদান কৰাৰ পাছত শদিয়া আৰক্ষীয়ে আটক কৰিছে এজন যুৱকক ৷

Advertisment

শিৱসাগৰ আৰক্ষীয়ে আটক কৰি মাজনিশা শদিয়া আৰক্ষীক হস্তান্তৰ কৰে স্বপ্নিল বৰপাত্ৰগোঁহাই নামৰ যুৱকজনক৷

আটকাধীন স্বপ্নিল বৰপাত্ৰ গোঁহাইৰ ঘৰ শিৱসাগৰৰ বেতবাৰীৰ চেঙেলীবাৰীত ৷ ইয়াৰ পূৰ্বেও আলফাৰ সন্দেহত বহুবাৰ আৰক্ষীয়ে আটক কৰিছিল যুৱকজনক ৷

জেল হাজোতলৈ প্ৰেৰণো কৰিছিল যুৱকজনক । কিন্তু যুৱকজন আলফাৰে জড়িত থকাৰ তথ্য প্ৰদানত আৰক্ষী ব্যৰ্থ হোৱাৰ বাবে আদালতে মুকলি কৰি দিছিল ৷

আনহাতে আৰক্ষীয়ে মিছা কাৰণত আটক কৰা বুলি দাবী কৰিছে ৷ আটকাধীন যুৱকজনে কৃষি বিপ্লৱৰ সুচনা কৰিছিল ৷

আৰু পঢ়ক: গাঁৱত বৃদ্ধি পাইছে দৰিদ্ৰৰ সংখ্যা…

assam sivsagar arrested