আলফা শান্তি চুক্তিৰ পাছত কলাক্ষেত্ৰত বিশেষ সম্বৰ্ধনা অনুষ্ঠান

আলফা শান্তি চুক্তিৰ পাছত কলাক্ষেত্ৰত  বিশেষ সম্বৰ্ধনা অনুষ্ঠান

ডিজিটেল ডেস্কঃ শনিবাৰে পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন হয়। এই অনুষ্ঠান আলোচনা পন্থী আলফাৰ নেতাসকলৰ লগতে শ্বহীদ পৰিয়াল আৰু আলোচনা প্ৰক্ৰিয়াত জড়িত বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হয়।

অসম-ভাৰত সংঘাতৰ ৰাজনৈতিক সমাধানৰ পথত অৰিহনা যোগোৱা সকললৈ সংযুক্ত মুক্তি বাহিনী অসমৰ উদ্যোগত এই সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন হয়।

উল্লেখ্য যে, ২৯ ডিচেম্বৰত দিল্লীত স্বাক্ষৰিত হৈছিল ঐতিহাসিত আলফা শান্তি চুক্তি। চুক্তি স্বাক্ষৰ কৰাৰ পাছত দেওবাৰে স্ব-ভূমিত উপস্থিত হোৱাৰ পাছত এই সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। য'ত ১০৭টা জাতীয় সংগঠনক আলফাই সম্বৰ্ধনা জনায়।

এই অনুষ্ঠানত উপস্থিত থাকে শিক্ষাবিদ ড° দীনেশ বৈশ্য, মানৱ অধিকাৰ কৰ্মী লাচিত বৰদলৈ, দিলীপ পাটগিৰী, ৰত্নেশ্বৰ বসুমতাৰী ,চলচিত্ৰ পৰিচালক জাহ্নু বৰুৱা, সমাজকৰ্মী প্ৰভাত শইকীয়া, বিশিষ্ট অধিবক্তা বিজন মহাজন, বিশিষ্ট সাংবাদিক অদ্বীপ ফুকনৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি।

আলফা শান্তি চুক্তিৰ পাছত কলাক্ষেত্ৰত  বিশেষ সম্বৰ্ধনা অনুষ্ঠান
নৱবৰ্ষৰ প্ৰাকমূহূৰ্তত ভালুকপুঙত বনভোজ প্ৰেমী ৰাইজৰ ভিৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in