নৱবৰ্ষৰ প্ৰাকমূহূৰ্তত ভালুকপুঙত বনভোজ প্ৰেমী ৰাইজৰ ভিৰ

নৱবৰ্ষৰ প্ৰাকমূহূৰ্তত ভালুকপুঙত বনভোজ প্ৰেমী ৰাইজৰ ভিৰ

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ অসম অৰুনাচল সীমান্তবৰ্তী ভালুকপুংৰ বাৰমাইলৰ কামেং নদীৰ পাৰত চলিছে বনভোজ প্ৰেমী ৰাইজৰ ভিৰ ৷আজি ২০২৩ বৰ্ষৰ অন্তিমটো দিন ৰবিবাৰে চৰকাৰী বন্ধ হোবাৰ সুযোগতে নৱবৰ্ষৰ প্ৰাক মূহুৰ্তত অসমৰ বভিন্ন প্ৰান্তৰ বনভোজ দল সমুহ আহি বাৰমাইলৰ কামেং নদীৰ পাৰত বহি আনন্দ উল্লাসৰ মাজেৰে এসাজ তৃপ্তিৰে খাই লৈ নাচি বাগি গীত গাই আদৰিছে নৱবৰ্ষ  ২০২৪ ৷

প্ৰাকৃতিক সৈন্দৰ্য্যৰে ভৰপুৰ ভালুকপুংৰ মনোমোহা দৃশ্য উপভোগ কৰাৰ উদ্দেশ্যে কামেং নদীৰ পাৰৰ বনভোজ স্হলীত প্ৰতি বছৰে এনেদৰেই ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ হেজাৰ হেজাৰ বনভোজ প্ৰেমী ৰাইজে আহি প্ৰীতি ভোজ খাই আনন্দ উল্লাসত মতলিয়া হোৱা পৰিলক্ষিত হৈ আহিছে । 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in