আজি আমি সুখী, মই ভাবো পৰেশ বৰুৱাই এই চুক্তিক সমৰ্থন জনাবঃ আলফা

আজি আমি সুখী, মই ভাবো পৰেশ বৰুৱাই এই চুক্তিক সমৰ্থন জনাবঃ আলফা

author-image
Asomiya Pratidin
New Update
আজি আমি সুখী, মই ভাবো পৰেশ বৰুৱাই এই চুক্তিক সমৰ্থন জনাবঃ আলফা

ডিজিটেল ডেস্কঃ শুকুৰবাৰে নতুন দিল্লীত স্বাক্ষৰিত হল ঐতিহাসিক আলফা শান্তি চুক্তি। কেন্দ্ৰ, ৰাজ্য আৰু আলোচনাপন্থী আলফাৰ মাজত হোৱা এই ত্ৰিপাক্ষিক চুক্তিৰ পাছত সংবাদ মেল সম্বোধন কৰে আলফাৰ নেতৃত্বই।

Advertisment

নতুন দিল্লীত শান্তি চুক্তিৰ সমাপনৰ পিছত আলফা নেতৃত্ব অনুপ চেতিয়া, শশ চৌধুৰী আৰু মৃণাল হাজৰিকাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে।

তাৰপাছতে শশ চৌধুৰীয়ে এই চুক্তিক লৈ সুখ ব্যক্ত কৰে। তেওঁ কয় যে, এই চুক্তিক লৈ আমি সুখী। এই চুক্তি নোহোৱাহেতেন আমি জেলত থাকিব লাগিলহেতেন। জেলৰ পৰা ওলাই আহাৰ পিছত আমাৰ লগত আলোচনা কৰিছে।

এই চুক্তিৰ জৰিয়তে অসমে ১ লাখ ৮০ কোটি টকাৰ পেকেজ লাভ কৰিছে। পৰেশ বৰুৱা ডাঙৰীয়াক মই আহ্বান জনাব নোৱাৰো। মই তেঁওৰ অধীনত কাম কৰিছিলো। গতিকে মই ভাৱো এই চুক্তিক পৰেশ বৰুৱাই আদৰণি জনাব।

লগতে কয় যে, অসম বিধানসভাৰ আসন সংৰক্ষণৰ যোগেদি জাতি সুৰক্ষিত হ'ব। বৰ্তমান সমষ্টি পুনৰ নিৰ্ধাৰণত ৯৪ টা সমষ্টি সংৰক্ষিত হৈছে। এই প্ৰক্ৰিয়াত ৬০ বছৰৰ কাৰণে অসম সুৰক্ষিত হৈছে।

Also Read: আলফা শান্তি চুক্তিঃ অসমৰ বাবে আৰ্থিক পেকেজ, বিকাশ, খিলঞ্জীয়াৰ সুৰক্ষা আদি সামৰি ল'ব চুক্তিখনে

himanta biswa sarma amit shah ulfa